যোৰহাটত উপস্থিত হ’ল দিল্লী-ডিব্ৰুগড়ৰ বিশেষ ৰেলখন

0 251

সমগ্ৰ বিশ্বতে ক’ৰণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। যাৰ বাবে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰিছে। এই লকডাউনত সকলোৱে গৃহবন্দী হৈ আছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসম পৰিবহণ নিগমৰ সহযোগত বাছ সেৱা প্ৰৱৰ্তন কৰিছে।
 
 
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে অলপতে এখন সংবাদমেলত উল্লেখ কৰা অনুসৰি অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা যাত্ৰী সকলক স্ব গৃহলৈ ঘুৰাই নিবলৈ সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলে আহ্বান জনাইছে। যাৰ ফলস্বৰূপে আৱদ্ধ হৈ থকা যাত্ৰী সমূহ অনাৰ বাবে কালি বিশেষ যাত্ৰীবাহী ৰেলৰ ব্যৱস্থা কৰা হৈছিল।
 
ৰেল খনে আজি ৩৭জন যাত্ৰী লৈ মৰিয়নী জংচনত প্ৰৱেশ কৰাৰ পিছতেই যোৰহাট জিলাৰ যাত্ৰী সকলক স্বাস্থ্য পৰীক্ষা কৰি কাজিৰঙা বিশ্ববিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যোৱা হয়। স্মৰ্তব্য যে বৃহস্পতিবাৰে পুৱতি নিশা ৩বাজি ৩০বজাত ৰে’লখন উপস্থিত হোৱাৰ কথা আছিল যদিও আজি ৫বজাতেহে মৰিয়নীত উপস্থিত হয়।

Leave A Reply

Your email address will not be published.