এন আৰ এলৰ ষ্টাৰ্ট আপ বিকাশৰ বাবে আই আই টি গুৱাহাটীত ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ

0 214

নুমলীগড় ৰিফাইনেৰী লিমিটেড এন আৰ এল ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান,গুৱাহাটী আৰু কোম্পানীটোৰ ধ্বজাবাহী ষ্টাৰ্ট আপ iDEATION ৰ জৰিয়তে বাচনি হোৱা ভিজিট্ৰিক্স প্রাইভেট লিমিটেডৰ মাজত আই আই টি গুৱাহাটীত তেওঁলোকৰ ষ্টাৰ্টআপ IDEA বিকাশৰ বাবে এখন ত্ৰিপাক্ষিক চুক্তি অনুসৰি আই আই টি গুৱাহাটীৰ টেক্লোল’জি ইনকুৱেশ্বন চেণ্টাৰত দুবছৰৰ বাবে ষ্টাৰ্টআপৰ ইনকুৱেশ্বন হ’ব,যাৰ বাবে এন আৰ এলে পুঁজিৰ যোগান ধৰিব।
এন আৰ এলৰ জ্যেষ্ঠ মুখ্য মহাপ্ৰৱন্ধক নিকুঞ্জ বৰঠাকুৰে আই আই টি গুৱাহাটীৰ ডীন প্ৰফেচাৰ জি কৃষ্ণমুখী আৰু ভিজিট্ৰিক্সৰ সঞ্চালক ফৱেশ ছলমান চৌধুৰী তথা আই আও টি গুৱাহাটীৰ সঞ্চালক ড° টি জি সীতাৰাম ,এন আৰ এল ,আই আই টি গুৱাহাটীৰ আৰু ভিজিটিক্স প্ৰা.লি.ৰ অন্য বিষয়া সকলৰ উপস্থিতিত আই আই টি গুৱাহাটীতে যোৱা ১৭ মাৰ্চ তাৰিখে এই ত্ৰিপাক্ষিক চুক্তিৰ স্বাক্ষৰ কৰে।
এই চুক্তি অনুসৰি ভিজিট্ৰিক্সে বাহন চালক সকলৰ তন্দ্ৰা নিৰ্ণয়কাৰী এক ন’ন ইনট্ৰোছিভ চিষ্টেম নিৰ্মাণ কৰা আৰু তন্দ্ৰাৱস্থা অনুধাবিত হ’লে বাহন চালকৰ ততালিকে সতৰ্ক কৰি দিয়া। এই প্ৰণালীত তন্দ্ৰাৱস্থা অনুধাৱনৰ বাবে তথা ভুল তন্দ্ৰাৱস্থা পৰীক্ষাৰ সংশয় ৰোধ কৰাৰ উদ্দেশ্যে দুটা পৃথক পদ্ধতিৰ সমাবেশ কৰা হ’ব,য’ত শাৰীৰিক বিশ্লেষণ লগতে তথ্য বিশ্লেষণৰ বাবে উপযুক্ত মেচিন লানিং এলগ’ৰিথমৰ দ্বাৰা সমৰ্থিত কেমেৰা চামিল কৰা হ’ব।
উল্লেখযোগ্য যে এন আৰ এলে উত্তৰ পূৰ্বাঞ্চলৰ উদ্যমী সকলৰ সপোন আৰু চিন্তাধাৰা নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে ২০১৭ চনত iDEATION আৰম্ভ কৰিছিল।ষ্টাৰ্টআপৰ পুঁজি প্ৰদান কৰাৰ নিৰ্ধাৰিত দহ কোটি টকাৰ ভিতৰত ৫.৫ কোটি টকা ইতিমধ্যে ২৩ টা ষ্টাৰ্টআপৰ আবন্টন কৰা হৈছে ।

Leave A Reply

Your email address will not be published.