অসমৰ প্ৰথমটো ইতিবাচক খবৰৰ নিউজ পৰ্টেল এন ই ফ’কাচ ডট কমে ১৫ আগষ্টত ষষ্ঠ বৰ্ষত ভৰি দিব।এই বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ১৩ আগষ্টত মহানগৰীৰ হোটেল বৰাক ৰেচিডেন্সিত অনুষ্ঠিত হয় এক অনুষ্ঠান।অনুষ্ঠানত এন ই ফ’কাচ গ্লৰী এৱাৰ্ডে বিভূষিত কৰে অসমৰ সমাজ, সংস্কৃতি জগতলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা ৰাজ্যৰ ৫ গৰাকীকৈ ব্যক্তি ।সেই সকলৰ ভিতৰত অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা বিশিষ্ট সমাজ সেৱক কুসুম কুমাৰ মহন্ত,বিশিষ্ট সমাজ কৰ্মী তথা উদ্যোগী দিলৱাৰ হুছেইন, বিশিষ্ট চিকিৎসক তথা সৰ্প দৰ্শনৰ সামাজিক কৰ্মকতা ডাঃ সুৰজিৎ গিৰি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়া আৰু মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাস।আনহাতে এই অনুষ্ঠানতে মহানগৰ জিলা পৰিবহন বিষয়া হিমাংশু দাস,এন ই ফ’কাচ ডট কমৰ শিৱসাগৰৰ সাংবাদিক দিলিস্তান খান ,ছয়গাঁৱৰ সাংবাদিক জিতুমনি দাসক সম্বদ্ধনা জনায়। উল্লেখযোগ্য যে ১৫ আগষ্টত এন ই ফ’কাচ ডট কমে ৬ বছৰত ভৰি দিব ।যুৱ সাংবাদিক সংগীতা শইকীয়াই সম্পাদনাত চলি থকা এই পৰ্টেলটোৰ জৰিয়তে উদ্যমী সকলক এখন মঞ্চ দিবলৈ সক্ষম হৈছে। স্মৰ্তব্য যে এন ই ফ’কাচ ডট কমে মাজে সময়ে সামাজিক উৎকৰ্ষ সাধনৰ কৰ্মৰ লগত জৰিত হৈ আছে ।অনুষ্ঠানৰ আহ্বায়িকা তথা এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াই কয় যে আগন্তুক দিনত এন ই ফ’কাচক আৰু প্ৰসাৰিত কৰাৰ চিন্তা চৰ্চা আছে।অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্কা দাস আৰু প্রিয়ংকা নাথে গীত পৰিবেশন কৰে।
Trending
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা