অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প চমুকৈ এপট আচনিৰ আধীনত ৰাজ্যৰ ১৫ খন জিলাৰ মীন বিভাগৰ কাৰ্য্যালয়ৰ অান্ত:গাঠনি সামগ্ৰী, লেপটপ, কম্পিউটাৰ, জেৰক্স মেচিন বিতৰণ উপলক্ষে ৩০ জানুৱাৰীৰ বিয়লি অসম চৰকাৰৰ মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য কাৰ্য্যালয় সভাগৃহত এখন সভা অনুষ্ঠিত হয়। সভাত মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই উপস্থিত থাাকি বিষয়া সকলক নিষ্ঠা সহকাৰে কাম কৰিবলৈ আৰু সামগ্ৰী সমুহৰ যাতে সদ ব্যৱহাৰ হয় তাৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনায়। সভাত অসম চৰকাৰৰ মীন বিভাগৰ সচিব ৰাকেশ কুমাৰ, সঞ্চালক পদ্মনাথ দাসকে ধৰি বিভাগৰ কেইবাগৰাকী বিষয়া আৰু ১৫ খন জিলাৰ জিলা মীন উন্নয়ন বিষয়া উপস্থিত থাকে। আনহাতে বিভাগীয় সুত্ৰই সদৰি কৰা অনুসৰি অহা ৭ বছৰত ৰাজ্যৰ মাছৰ উৎপাদন বৃদ্ধিক ধৰি মীন বিভাগৰ বাবে এপট আচনিৰ অধীনত ১৩১ কোটি টকা ব্যয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ