এম্বুলেন্স চাইকেল-এক অভিনৱ উদ্ভাৱন

0 231

বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগে লগে ন চিন্তাৰে উদ্ভাসিত হৈ পৰিছে এদল নৱ প্ৰজন্ম। ইয়াৰে স্বাক্ষৰ দাঙি সমাজলৈ আগবঢ়াইছে অভিনৱ সম্পদ। কিছু দূৰদৰ্শী মনোভাৱ, বৈজ্ঞানিক দৃষ্টিভংগী, সুস্থ চিন্তাৰ ফচল স্বৰূপে সমাজলৈ আগবঢ়ালে এখন এম্বুলেন্স চাইকেল। শিৱসাগৰৰ চাই বিকাশ একাডেমিৰ ছাত্ৰ মুছাব্বীৰ ইছলাম আৰু তেওঁৰ তিনি গৰাকী বন্ধু ক্ৰমে অম্লানজ্যোতি দাস, পাৰবীজ মুস্তাফা আৰু চবনম য়াছমিনে উদ্ভাৱন কৰিছে এই অভিনৱ চাইকেলখন। উল্লেখযোগ্য যে এম্বুলেন্স চাইকেলখনত ফল্ডিং ডেস্ক-বেঞ্চ, এয়াৰ কুলাৰ, লাইট, টেবলেটৰ ইণ্টাৰনেট সেৱা আদি সংযোগ কৰা আছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল এয়ে যে চাইকেলখনৰ টিউৱত এনে সুবিধা সংযুক্ত হৈ আছে যাৰ জৰিয়তে এখন নাৱৰ দৰে একাঠু পানীতো অনায়াসে চাইকেলখন যাব পাৰে। উদ্ভাৱক মুছাব্বীৰে জনোৱামতে চাইকেলখন ৰোগী তথা ছাত্ৰ-ছাত্ৰীৰ বাবে বেছি ফলপ্ৰসূ হ’ব। তেওঁ লগতে কয় যে চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ উন্নয়নৰ বাবে বিভিন্ন সময়ত অৰ্থ সাহাৰ্য্য যোগান ধৰি আহিছে যদিও যথাযোগ্য সেই অৰ্থ সাহাৰ্য্য সমূহ কিছু কিছু শিক্ষানুষ্ঠান তথা অঞ্চলত ব্যৱহৃত নহয়। অৰ্থ সাহাৰ্য্যৰ পৰিৱৰ্তে যদি এম্বুলেন্স চাইকেল প্ৰদান কৰে নিশ্চয়কৈ অধিক উপকৃত হ’ব। প্ৰায় ৪০ হাজাৰ টকাৰ ব্যয় সাপেক্ষে (ডেৰ মাহৰ অন্তত) উদ্ভাৱন কৰা এম্বুলেন্স চাইকেলখনৰ বিক্ৰীৰ মূল্য ১৫ হাজাৰ টকা।

মুছাব্বীৰে Nefocus.comৰ আগত প্ৰকাশ কৰা অনুসৰি এম্বুলেন্স চাইকেলখন শিক্ষান্ত পৰীক্ষাৰ বন্ধৰ সময়খিনিত ৪ জন বন্ধুৱে মিলি তৈয়াৰ কৰাৰ বাবে প্ৰস্তুতি চলাইছিল৷ অহা ৩০ আগষ্টত গুৱাহাটীৰ আই আই টিত অনুষ্ঠিত হ’বলগীয়া টেক্ এক্সপ’ত এম্বুলেন্স চাইকেলখন প্ৰদৰ্শিত হ’ব৷ সমাজৰ বাবে অমূল্য অৱদান আগবঢ়াই সৰ্বত্ৰে চৰ্চা লাভ কৰা নৱ প্ৰজন্মৰ উদ্যমী কেইগৰাকীক এই আপাহতে শুভেচ্ছা জনালো৷ 

Leave A Reply

Your email address will not be published.