এলবাম উন্মোচন

0 291

ভাৰত -ভূটান দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ ৫০ বছৰ বৰ্ষপূতি উপলক্ষে ভূটানৰ ৰাজকীয় চৰকাৰৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৪ জনীয়া এটা সাংস্কৃতিক দলে যোৱা ৫ অক্টোবৰ পৰা ৭ অক্টোবৰলৈ ভূটানৰ বাংলাস্থিত ৰয়েল ইউনিভাৰচিটি অৱ ভূটানৰ অধীনত চেৰবুটছী কলেজত এক তিনিদিনীয়া সাংস্কৃতিক বিনিময় কাৰ্য্যসূচীত ভাগ লয়।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড‌৹ ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত যোৱা দলটোৱে তাত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।আনহাতে ৬ অক্টোবৰত চেৰবুটছী কলেজত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষক  অধ্যাপক ড৹ জয়শ্ৰী দেৱী আৰু জীতুমণী দাসৰ মা-দেউতা শীৰ্ষক এটি ভিডিঅ’ এলবাম উন্মোচন কৰা হয়। এলবামটো মুকলি কৰে কৰে ড৹ ৰঞ্জন কুমাৰ কাকতি আৰু চেৰবুটছী কলেজৰ সভাপতি টেছৰিং ৱাংডিং আৰু ছাত্ৰ কল্যাণ বিভাগৰ ডীন ৱাইকেৰে।

Leave A Reply

Your email address will not be published.