চেনি আৰু নিমখ এই দুয়োটাই মানুহৰ দৈনন্দিন জীৱনত খোৱাৰ বিশেষ উপাদান হিচাপে প্ৰভাৱ পেলায় আহিছে।নিমখ বহুতে খাই ভাল নাপালেও, আহাৰৰ সম্পূৰ্ণতাৰ বাবে নিমখ অতি প্ৰয়োজনীয় । সচৰাচৰ নিমখ বুলি ক`লে বগা আৰু ক`লা নিমখৰ কথা মনলৈ আহে।কিন্তু এই নিমখৰ ব্যৱসায়ে বিভিন্ন জনৰ মাজত জনপ্ৰিয় হৈ উঠিছে উত্তৰ পূবৰ এজন উদ্যমী। জানি সুখী হ’ব যে এই উদ্যমী জনে বাঁহৰ চুঙাত নিমখ ভৰাই এক ব্যতিক্ৰমী ধৰণৰ ব্যৱসায় আৰম্ভ কৰিছে। ত্ৰিপুৰাৰ গোমাতিৰ সমীৰ জামাতিয়া নামৰ এই যুৱক জনে ব্যতিক্ৰমী ব্যৱসায় আৰম্ভ কৰিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে কোৰিয়াত প্ৰায় ১০০০ বছৰ পূৰ্বেই ভিক্ষুসকলে বেম্বো ছল্ট ব্যৱহাৰ কৰিছিল।জামাতিয়ে জনোৱা মতে এই নিমখ ব্যৱহাৰ কৰিলে গাৰ পৰা ওলোৱা দুৰ্গন্ধ, ছাইনাছইটিছ আৰু চুলি সৰাৰ সমস্যা নোহোৱা হয়।এই নিমখৰ প্ৰতি কিলোৰ মূল্য ১২০০ টকা।এক বিশেষ পদ্ধতিৰ জৰিয়তে এই নিমখবিধক পেকেজিং কৰি বজাৰত মুকলি কৰিছে।নিমখবিধ বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ।
Trending
- পলাশবাৰীস্থিত চেণ্টপ্লাই উদ্যোগত বৃক্ষ ৰোপন আঁচনিৰ শুভাৰম্ভ
- ৰঙিয়া মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত হিতাধিকাৰীসকলৰ মাজত অনুদান বিতৰণ
- দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ অহা ছিংগাপুৰৰ জেষ্ঠ মন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে বস্ত্ৰ নগৰী শুৱালকুছিৰ তাঁতশাল ফেক্টৰী
- কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পশুধনৰ স্বাস্থ্য পৰীক্ষা
- বন বিভাগ আৰু চি আৰ পি এফৰ যৌথ উদ্যোগত খানাপাৰাত গছপুলি ৰোপণ
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাত নতুনকৈ গঠন হ’ল জিলা পথ সুৰক্ষা সমিতি
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ১৯৯৪ বর্ষৰ মিলন সমাৰোহ
- Webinar on Feminist Srimanta Sankaradeva
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ বান সাহাৰ্য বিতৰণ
- ব্যতিক্ৰমী আয়োজনেৰে সদ্য অৱসৰপ্ৰাপ্ত সেনা জোৱানক আদৰিলে জন্মস্থানত