কথাৰে নহয় কৰ্মৰে আদৰ্শ দেখুৱাইছে এখন বিদ্যালয়ে

0 262

এখন বিশেষ বিদ্যালয় ।বিদ্যালয়খনে পৰিবেশ প্ৰদূষণ ৰোধ কৰাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।মহানগৰীৰ পামহীত অৱস্থিত এই বিদ্যালয়খনৰ নাম অক্ষৰ ফ’ৰাম।জানি সুখী হ’ব যে এই বিদ্যালয়খনে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা প্লাষ্টিকৰে প্ৰাকৃতিক ইটা প্ৰস্তুত কৰিছে।জানিব পৰা মতে এক ব্যতিক্ৰম ধৰণে বিদ্যালয়খন পৰিচালনা হয়।নাৰ্চাৰী পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিয়ে।স্কুল কৰ্তৃপক্ষই সময় আৰু দক্ষতা অনুসৰি শিক্ষাদানৰ বাবদত দৈনিক ৫ৰ পৰা ১২টকাকৈ প্ৰদান  কৰে আৰু সেই টকাই বিদ্যালয়ৰ চৌহদৰ পৰা লাগতিয়াল সামগ্ৰী ক্ৰয় কৰে।উল্লেখযোগ্য যে অক্ষৰ ফ’ৰাম নামৰ এই বিদ্যালয়খনত ১১০জন ছাত্ৰ ছাত্ৰী লগতে ৬জন শিক্ষক শিক্ষয়ত্ৰী আছে।আনুষ্ঠানিক শিক্ষাতকৈ ব্যৱহাৰিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া বিদ্যালয়খনৰ একাংশ ছাত্ৰ ছাত্ৰী শিশু শ্ৰমিক হিচাপে এসময়ত কৰ্মৰত আছিল।অক্ষৰ ফ’ৰামক বিদ্যালয় হিচাপে গঢ়ি তোলা মূলতে মহানগৰীৰ বেলতলাৰ পাৰমিতা শৰ্মা আৰু তেখেতৰ স্বামী মাজিন মুক্তাৰ ।জানিব পৰা মতে তেওঁলোকে এনেধৰণৰ প্ৰচেষ্টা দিল্লীৰ এখন চৰকাৰী বিদ্যালয়তো গ্ৰহণ কৰি আহিছে ।এখন বেচৰকাৰী বিদ্যালয়ে পৰিবেশ সুৰক্ষাৰ প্ৰতি গ্ৰহণ কৰা প্ৰচেষ্টা নিসন্দেহে সকলোৱে আদৰণীয়  হৈ পৰিছে ।

Leave A Reply

Your email address will not be published.