সমগ্ৰ দেশৰ লগতে অসমতো পেকেজড খাদ্যৰ ব্যৱহাৰৰ সমান্তৰাল ভাৱে বৃদ্ধি পাইছে হৃদ আৰু অন্যান্য অসংক্ৰমিত ৰোগীৰ সংখ্যা। সোমবাৰে গুৱাহাটীৰ হোটেল ৰিভেৰাত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসম আৰু কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ উদ্যোগত অনুষ্ঠিত এক কৰ্মশালাত উপস্থিত চিকিৎসা বিশেষজ্ঞ সকলে পেকেজিং খাদ্যৰ বৰ্ধিত ব্যৱহাৰে জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি কৰা ভাবুকিত আশংকা প্রকাশ কৰে। কৰ্মশালত উপস্থিত থাকি ৰাজ্যৰ বিশিষ্ট চিকিৎসক ডাঃ আৰ. এন. মজুমদাৰে কয়- “পেকেজিং খাদ্য অত্যধিক মাত্ৰাত খোৱা মানেই হল চেনী, নিমখ আৰু সংপৃক্ত চৰ্বি অধিক পৰিমাণে গ্ৰহণ কৰা। অধিকাংশ পেকেজিং খাদ্যত অধিক মাত্ৰাত নিমখ, চডিয়াম, সংপৃক্ত চৰ্বি আৰু পৰিশোধিত কাৰ্বহাইড্ৰেড ব্যৱহাৰ হয়। পেকেজিং ফুড ব্যৱহাৰৰ ফলত বৃদ্ধি পাইছে বহুমূত্ৰ, হাইপাৰটেনশ্যন, শৰীৰৰ ওজন বৃদ্ধি আৰু হৃদৰোগত আক্ৰান্ত লোকৰ সংখ্যা। প্ৰতিবছৰে দেশৰ প্ৰায় ৬৭% লোক এনে ৰোগত মৃত্যু মুখত পৰে।” কৰ্মশালাত উপস্থিত থাকি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয়- “পেকেজিং ফুড ব্যবহাৰৰ ফলত আমাৰ শিশু আৰু যুৱ প্ৰজন্মৰ জীৱনৰ প্ৰতি তীব্র ভাবুকিৰ সৃষ্টি হৈছে। গ্ৰাহকে যাতে উপযুক্ত খাদ্য বাচনি কৰিব পাৰে, তাৰ বাবে পেকেজড ফুডৰ ওপৰত স্বাস্থ্য সম্বন্ধীয় সতৰ্কবাৰ্তা বাধ্যতামূলক ভাবে উল্লেখ থাকিব লাগে। এই ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি নিৰ্দেশনা পালন কৰা উচিত। কৰ্মশালাত অসম চৰকাৰৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ বিষয়াদ্বয় অনুপম গগৈ আৰু সমীৰণ বৰুৱা উপস্থিত থাকি প্ৰতিজন গ্ৰাহকে যাতে নিৰাপদ, স্বাস্থ্যসন্মত আৰু সুৰক্ষিত খাদ্য লাভ কৰে তাৰ ওপৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। পেকেজড ফুডৰ ওপৰত বাধ্যতামূলক সতৰ্ক বাৰ্তা লিখাৰ সপক্ষেও তেওঁলোকে দৃঢ় মত পোষণ কৰে। কৰ্মশালাত কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ ৰিংকি শর্মা উপস্থিত থাকি পেকেজিং ফুডৰ ভয়াবহ দিশ সমূহ তথ্য সহকাৰে উল্লেখ কৰে।
Trending
- Strengthening Investor Awareness and Investor Protection in North East Region
- উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ
- অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ
- গোপাল জালানৰ অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা
- Assam CM meets Prime Minister; thanks PM for a new urea plant
- খানাপাৰাত ‘এডভান্টেজ অসম’ৰ প্ৰস্তুতিৰ বুজ ললে উদ্যোগ মন্ত্ৰী বিমল বড়াই
- মন্ত্ৰী অশোক সিংহল আৰু ৰূপেশ গোৱালাৰ উপস্থিতিত জনতা ভৱনত স্বাস্থ্য, শ্ৰমিক কল্যাণ তথা চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ যুটীয়া বৈঠক অনুষ্ঠিত
- সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মদিনত কৃষক মেল
- Union Budget 2025 is Growth oriented and people centric”, says Mr Ashishkumar Chauhan, MD & CEO NSE
- পৰিবহণ বিভাগৰ উদ্যোগত আৰম্ভ হ’ল বিশেষ জনসেৱা কাৰ্যসূচী-সুৰক্ষিত যাতায়াতৰ লক্ষ্যৰে বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানত উপস্থিত হৈ সমাধান কৰিলে বাহনৰ নথিপত্ৰ বিষয়ক সমস্যা