কনটেণ্ট ক্ৰিয়েটৰ এক আকৰ্ষণীয় কেৰিয়াৰ- ড°বুলজিৎ বুঢ়াগোহাঁই-ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ (Development Digitally Group) নামৰ ৱাটচআপ গোটৰ উদ্যোগত ৭ মাৰ্চত সন্ধিয়া ৬বজাৰ পৰা ৮বজাৰলৈ এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়। ৱাটচআপ গোটটোৰ প্রশাসক বিমল বৰাই শুভাৰম্ভণি কৰা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । কৰ্মশালাখনত ড°বুঢ়াগোহাঁয়ে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে শিক্ষার্থীসকলে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে আলোচনা আগবঢ়ায় । বিশেষকৈ, গ্ৰন্থ আৰু ডিজিটেল মাধ্যমৰ জৰিয়তে প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত বিভিন্ন কেৰিয়াৰ বিষয়ে উল্লেখ কৰে । ডিজিটেল যুগৰ বিকাশৰ লগে লগে কনটেণ্ট ক্ৰিয়েটৰ হিচাপে কেৰিয়াৰ গঢ়াৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে বুলি ড°বুলজিৎ বুঢ়াগোহাঁয়ে উল্লেখ কৰে। কৰ্মশালাখনত অংশগ্ৰহণকাৰীসকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।