ক’ভিড১৯ৰ আয়ুৰ্বেদিক ঔষধ তৈয়াৰ পতঞ্জলি কোম্পানীৰ

0 260

সমগ্ৰ বিশ্বই এতিয়া ক’ৰণা ভাইৰাছৰ বিৰূদ্ধে অবিৰতভাৱে যুঁজি আছে। ক’ৰণা ভাইৰাছত আক্ৰান্ত হোৱা বিশ্বৰ প্ৰায়বোৰ দেশে ক’ৰণাৰ ভেকছিন তৈয়াৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সময়তে ভাৰতৰ যোগগুৰু বাবা ৰামদেৱে ক’ভিড১৯ৰ ভেকছিনৰ প্ৰসংগত দিছে এক সুখবৰ।
যোগগুৰু বাবা ৰামদেৱে আজি উত্তৰাখণ্ডৰ হৰিদ্বাৰস্থিত পতঞ্জলি যোগপীঠত আয়োজিত এক কাৰ্যসূচীৰ জৰিয়তে পতঞ্জলিয়ে তৈয়াৰ কৰা কৰ’নিল নামৰ ক’ভিড১৯ৰ ঔষধবিধ মুকলি কৰিব।
 
উল্লেখযোগ্য যে পতঞ্জলিৰ চি ই অ’ আচাৰ্য্য বালকৃষ্ণই কোম্পানিয়ে ক’ভিড-১৯ৰ ঔষধ বিচাৰি পাইছে। ক’ভিড১৯ প্ৰতিৰোধক এই ঔষধবিধ হৰিদ্বাৰস্থিত পতঞ্জলি ৰিচাৰ্ছ ইনষ্টিটিউট আৰু নেশ্যনেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ যুটীয়া প্ৰচেষ্টাত তৈয়াৰ কৰা হৈছে। অশ্বগন্ধা, গিলয় আৰু তুলসীৰে তৈয়াৰী ঔষধ কৰ’নিল হৈছে সম্পূৰ্ণৰূপে এক আয়ুৰ্বেদিক ঔষধ। উল্লেখযোগ্য যে এই আয়ুৰ্বেদিক ঔষধ সেৱন কৰি ক’ভিড১৯ত আক্ৰান্ত ৰোগী এজন ৫ৰ পৰা ১৪ দিনৰ ভিতৰত সুস্থ হৈ উঠিব।

Leave A Reply

Your email address will not be published.