উত্তৰ বংগৰ কোচবিহাৰ জিলাৰ ইচ্ছা গঞ্জত ২৮ অক্টোবৰ দিনটো আই ভাষা দিৱস হিচাপে উদযাপন কৰি ভাষা শিক্ষা সংসদে অসমৰ কোচৰাজবংশী সাহিত্য সভাৰ সাধাৰন সম্পাদক কমল কুমাৰ বৰ্মনলৈ সাহিত্য সাৰথী বটা প্ৰদান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে পশ্চিম বংগৰ সুলেখক ভগিৰথ দাস, লেখীকা শশিবালা অধিকাৰীৰ, লগতে কোচৰাজবংশী সাহিত্য সভাৰ ৰঘুনাথ চৌধুৰী, কেএছিৰ সদস্য সমৰেন্দ্ৰ নাৰায়ণ বৰ্মন ,কোচৰাজবংশী সাহিত্য সভাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদ কৃষ্ণ বৰ্মন , লেখক ৰবিন্দ্ৰ নাথ ৰায়, বংগ ৰত্ন কমলেশ চন্দ্ৰ ৰায়, সাংবাদিক ধনকেশ বৰ্মন আদিয়ে উপস্থিত থাকে। কোচৰাজবংশী সাহিত্য সভাৰ সাধাৰন সম্পাদক কমল কুমাৰ বৰ্মনে সাহিত্য সাৰথী বটা আৰু সম্বৰ্ধনা গ্ৰহন কৰি পশ্চিম বংগৰ ভাষা শিক্ষা সংসদৰ কৰ্মকৰ্তা সকলোক ধন্যবাদ জনায়।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে