ধৰ্মীয় গোৰামী, অন্ধবিশ্বাস তথা ডাইনী হত্যাৰ দৰে প্ৰাসংগিক, অত্যন্ত স্পৰ্শকাতৰ বিষয়ৰ আধাৰত নিৰ্মাণ কৰা ৬৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰজত কমল বঁটাপ্ৰাপ্ত মিচিং ভাষাৰ চলচ্চিত্ৰ “আনু ৰোৱাড”ৰ আজি বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ প্ৰদৰ্শনী অনুষ্ঠানত বিশেষ অতিথিৰূপে উপস্থিত থাকে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক এম মনিৰাম, ব্ৰিগেডিয়াৰ অবনি পাইট। অবনৰি পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত ছবিখনিৰ প্ৰযোজনা আৰু পৰিচালনা দিলীপ কুমাৰ দলেৰ। কাহিনী ডাঃ বিদ্যোশ্বৰ দলেৰ। সহযােগী পৰিচালক তথা সম্পাদনা ঘনশ্যাম কলিতাৰ। চিনেমেট গ্রাফাৰ সুমন দুৱৰা। শব্দ মিশ্রণ যতীন শর্মাৰ। সংগীত পৰিচালক দিলীপ কুমাৰ দলে।সাজসজ্জা গীতাৰাণী আৰু শঙ্কু বৰুৱাৰ। কলা নির্দেশক ৰমা ৰয়। মাজুলীৰ এক ভিতৰুৱা অঞ্চলত দৃশ্যগ্ৰহণ কৰা ছবিখনিত অভিনয় কৰিছে নীলিম দত্ত, ৰাজীৱ দলে, পুষ্প মিচং, নয়ন কামান, উৎপল পগাগ, পদ্ম পেগু, গজেন পেগু, অনল কামান, গােবিন্দ নৰহ, আনেশ্বৰ পেগু, ৰাজা দলে, মিগম দলে, ৰঞ্জন কুম্বং, ধৰম ৰাজ, প্রণৱজ্যোতি টাইদ, লােকনাথ কুটুম, লক্ষ্যজিত কামান, তাজমহল, অতুল, লক্ষীধৰ, জয়, বিষ্ণুপ্রিয়া মিচং, অনিমা মিলি, পদ্মা দলে (টুলী), ওমাৰাণী দলে, লক্ষীমাই দলে, অনুৰাধা গাম, ময়ুৰী কামান, লাভলি দলে, গব্যাঞ্জলী প্রসাদ, ৰঞ্জনা বৈশ্য, ৰােকোদেবী বৈশ্য, শেৱালী দাস, অৱন্তি, হেমলতা। শিশু শিল্পীসকল ক্ৰমে প্রিতিমালা, কাকলাে, পবনৰ লগতে বহুকেইগৰাকী কণ কণ অভিনয় শিল্পী।
Trending
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ