কবিতা বিষয়ক সদস্য ভিত্তিক আলোচনী কল্পদ্ৰুমৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত কাৰ্যলয়ৰ বাকৰিত অনুষ্ঠিত হৈ যায়। কবি-লেখিকা বুলু কুমাৰী বড়াই আদৰণি ভাষণ দিয়াৰ পিছত প্ৰয়াত কবি ৰবীন্দ্ৰ চন্দ্র বৰা, অতুল কুমাৰ শৰ্মা আদি জ্ঞাত -অজ্ঞাত কবিৰ বিয়োগত এক মিনিট সময় মৌনতা অবলম্বন কৰে। পিছতে কল্পদ্ৰুমৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত কুমাৰ অনুকূল দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পার্ঘ্য অৰ্পণ কৰে কবি যতীন শৰ্মা, ৰাতুল চন্দ্র গোস্বামী, দীপক শৰ্মা, অক্ষেন্দ্ৰ কুমাৰ সিংহ প্ৰভৃতিয়ে। কাব্যালোচনীখনিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে কবি ড০ চিত্তৰঞ্জন দাস আৰু শিক্ষক তথা কবি ৰাতুল চন্দ্র গোস্বামীয়ে অংশলৈ কবিতাৰ আলোক সন্ধানী যাত্ৰাৰ ওপৰত বক্তব্য দাঙি ধৰে। সভাতে গান্ধীবাদী বিশিষ্ট সমাজসেৱী, কবি, লেখিকা চম্পা বড়াক জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰে। কল্পদ্ৰুমৰ সম্পাদক বিনিতা দেৱী বৰুৱা দাসে আঁত ধৰা অনুষ্ঠান ডা: হিৰকজ্যোতি দাসৰ গীতেৰে আৰম্ভ হয়। কল্পদ্ৰুম কালচাৰেল ইউনিটৰ কণ-কণ শিশুসকলে সমবেত সংগীত পৰিবেশনৰ অন্তত অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানত চিকিৎসকত ডা: হিৰকজ্যোতি দাস, কবি-সাংবাদিক দীপক শৰ্মা আৰু কবি ৰুদ্ৰ সিংহ মটকে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে কবি মহিধৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনত দীপক শৰ্মা, কমলজিৎ কলিতা, সবিতা দেৱী বৰুৱা, কাব্যশ্ৰী বৰপাত্ৰ, অনুৰাধা ৰাজখোৱা, সংগীতা মহন্ত, বিভাৰাণী দাস, ড০ চিত্তৰঞ্জন দাস, বুলু কুমাৰী বড়া, কুঞ্জলতা মেধি, ড০ অৰুণিমা বৰুৱা, ৰাতুল চন্দ্র গোস্বামী, মণিদীপা বৰ্মন, প্ৰমোদ চন্দ্র ঠাকুৰীয়া আদি কবিয়ে কবিতা পাঠ কৰে। ৰুম্পা ভদ্র, ত্ৰিদিপ বৰুৱা, ড০ কান্তা কাবেৰী দাস, জিতুমণি দাস আদিয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index