নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্রহণ কৰাৰ পাছৰে পৰা প্ৰতি মাহৰ এটা বা দুটা দেওবাৰে দেশৰ জনসাধাৰণৰ মনৰ ভাৱ জানিবলৈ আৰু চৰকাৰখনে ৰাইজৰ বাবে কেনে ধৰণৰ জনহিতকৰ আঁচনি গ্ৰহণ কৰিছে বা কাম কৰি আহিছে তাৰ এটা সম্যক ধাৰণা দিয়াৰ বাবে আকাশবাণীৰ জৰিয়তে ৰেডিঅ’ৰ মাধ্যমেৰে “প্ৰধানমন্ত্ৰীৰ মন কি বাত” নামৰ এটা জনপ্ৰিয় অনুষ্ঠান পৰিবেশন কৰি আহিছে । আনহাতে সেই অনুষ্ঠানটো বিজেপি দলৰ ফালৰ পৰা বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি দলটোৰ ৰাজ্যিক কাৰ্যালয়লৈকে কর্মী সকলক উদ্বুদ্ধ কৰাৰ বাবে অনুষ্ঠানটো সম্প্ৰচাৰ হৈ থকাৰ সময়ত ৰেডিঅ’ৰ মাধ্যমৰে শুনাৰ ব্যৱস্থা কৰি অহা হৈছে । আনহাতে যোৱা ২৬ জুনত অনুষ্ঠিত “প্ৰধানমন্ত্ৰীৰ মন কি বাত” অনুষ্ঠানটো বিজেপি দলে ৰাজ্যৰ আন আন সমষ্টি বা অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ ৰাণী মণ্ডলৰ অন্তৰ্গত কাহিকুছি পঞ্চায়তৰ ১২ নম্বৰ বুথৰ উদ্যোগত কাঁহিকুছিস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ প্ৰেক্ষাগৃহত ৰেডিঅ’ৰ জৰিয়তে শুনাৰ ব্যৱস্থা কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাগ লৈ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বৰ বাবে বিশ্বত আজি ভাৰতৰ স্থিতি মজবুত হৈছে। আমেৰিকা, ৰাছিয়াৰ দৰে শক্তিশালী ৰাষ্ট্ৰয়ো নৰেন্দ্ৰ মোদীৰ নেতৃত্বক উচ্চ প্ৰশংসা কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে চৰকাৰী আঁচনিৰ ধন পোনে পোনে হিতাধিকাৰীৰ বেংক একাউণ্টলৈ প্রেৰণৰ ব্যৱস্থা কৰি অহা হৈছে বুলি সাংসদ কুইন ওজাই সদৰি কৰে। অনুষ্ঠানত বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ কলিতা, ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ ডাঙৰীয়া, ১৬ নম্বৰ ৰামচাৰাণী জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী, ১২ নম্বৰ বুথৰ সভাপতিৰ লগতে ৰাণী মণ্ডলৰ বিষয়ববীয়া, শক্তি কেন্দ্ৰৰ আহবায়াক, বুথ কমিটিৰ সভাপতি, শংকৰদেৱ বিকাশ সমিতিৰ সভাপতি, সম্পাদক প্ৰমুখ্যে দলৰ ৰাণী মণ্ডল আৰু কাঁহিকুছি গাঁও পঞ্চায়তৰ কাৰ্যকর্তা উপস্থিত থাকে।
Trending
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.
- NSE MD & CEO Welcomes Union Budget 2026–27 for Balancing Growth, Fiscal Discipline and future-Ready Reforms
- NSE Chairperson Hails SEBI No-Objection for IPO as Key Milestone
- এয়াৰটেলে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্
- দৰং জিলাত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত
- পথৰুঘাট কৃষক বিদ্ৰোহৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৃষিমন্ত্ৰী অতুল বৰাৰ
- অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ উদ্যোগত ৭৬ সংখ্যক শিল্পী দিৱস, ভোগালী বিহু আৰু ডঃ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন
- কাঁচিয়লি’ৰ শিশুনাট সমাৰোহৰ সফল সামৰণি-বাঁহেৰে নিৰ্মিত মঞ্চত মঞ্চস্থ হ’ল পাঁচখনকৈ শিশুনাট
- NSE Headquarters Illuminated in Tricolour on Eve of 77th Republic Day