ভাৰতীয় নিৰ্বাচন আয়োগে কেইমাহমান পূৰ্বে অসমৰ অসমৰ ১২৬ টা বিধানসভা আৰু ১৪ টা লোকসভা সমষ্টিৰ চাৰিসীমা পুনৰ্নিদ্ধাৰণত চীল – মোহৰ মাৰি দিয়াৰ পাছত সমষ্টি সমূহৰ চাৰিসীমা বহুখিনি সলনি হৈছে। তাৰ লগে লগে সলনি হৈছে ৰাজ্যৰ ৰাজনীতিও । নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনা অনুসৰি স্বাভাৱিকতে অহা ২০২৪ চনৰ এপ্ৰিল বা মে মাহত অনুষ্ঠিত হবলগীয়া লোকসভা আৰু ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ সাধাৰণ নিৰ্বাচন নতুনকৈ নিৰ্ধাৰণ কৰা সমষ্টি অনুসৰিহে হ’ব। ইফালে ৰাজ্যৰ আন সমষ্টিৰ দৰে ৫৪ নম্বৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰো চাৰিসীমা বহু সলনি হৈছে।সমষ্টিটোৰ ৰাণী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত আঠখন গাওঁ পঞ্চায়তৰ পাঁচখন জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে তিনিখন অন্তৰ্ভুক্ত হৈছে পলাশবাৰী বিধানসভা সমষ্টিত।ফলত সেই হিচাপত কৰি বিজেপি দলে আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে।ইয়াৰ অংশ হিচাপে ৰাণী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত আজাৰা, কাঁহিকুছি , মাজিৰগাওঁ আৰু ধাৰাপুৰ আৰু গড়ল গাওঁ পঞ্চায়তক সামৰি পূৰ্বতে গঠন কৰা বিজেপিৰ ৰাণী মণ্ডলটোক নতুনকৈ গুৱাহাটী বিমানকোঠ মণ্ডল হিচাপে নামাকৰণ কৰা হৈছে। নতুনকৈ গঠন হোৱা মণ্ডলটোৰ বাবে কাঁহিকুছি বজাৰত এটা কাৰ্যালয় স্থাপন কৰা হৈছে। আজি বিয়লি মাংগলিক কাৰ্যৰ মাজেৰে গুৱাহাটী বিমানকোঠ মণ্ডল কাৰ্যালয়ট মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে।এই উপলক্ষে মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক তীৰ্থ মেধিয়ে আঁত ধৰা সভাখনত হেমন্ত চৌধুৰীয়ে চমু ভাষণত বিগত প্ৰায় আঢ়ৈটা দশকত জালুকবাৰী বিধানসভা সমষ্টিত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি উন্নয়নৰ জোৱাৰ উঠিছিল তাৰ ভাগ আগন্তক দিনত জালুকবাৰীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা পশ্চিম গুৱাহাটী সমষ্টিৰ অঞ্চল সমুহলৈ বিয়পি পৰিব বুলি সদৰি কৰি দলৰ সাংগঠনিক দিশ মজবুত কৰি চৰকাৰৰ জনহিতকৰ আঁচনি সমূহ ৰাইজৰ মাজলৈ নিবলৈ উপস্থিত কাৰ্যকৰ্তা সকলক আহ্বান জনায়। তেনেদৰে সভাত ভাগ লৈ বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসে বিজেপি দল আৰু চৰকাৰৰ বিৰোধীতাৰ নামত ৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্ডিয়া গোট বন্ধন আৰু অসমত ৰাজ্যিক পৰ্যায়ত যি ১৫ টা বিৰোধী দলে ঐক্যমঞ্চ গঠন কৰিছে তাক ৰাজনৈতিকভাৱে মোকাবিলা কৰিবলৈ কেনে ধৰণৰ ৰণনীতি গ্ৰহণ কৰিব লাগিব তাৰ বিশদ বাখ্যা দাঙি ধৰে। সভাত ভাগ লৈ বিজেপিৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ অঞ্জন গোস্বামীয়ে বিৰোধী দলৰ অপপ্ৰচাৰ সমুহৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ সকলোকে আহ্বান জনায়।আনহাতে বিজেপিৰ গুৱাহাটী বিমানকোঠ মণ্ডল সমিতিৰ সভাপতি হৰকান্ত নাথে সভাপতিত্ব কৰা সভাখনত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত মহন্ত, চিকিৎসা কোষৰ কৰ্মকৰ্তা ডাঃ দীপক শৰ্মা ,ৰামচাৰাণী জিলা পৰিষদৰ সদস্য শিখানাথ চৌধুৰী, ৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্যদ্বয় প্ৰদীপ কুমাৰ দাস অাৰু নিজৰা কলিতা , মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যকে ধৰি দলৰ কেবাজনো ন – পুৰণি নেতা, পঞ্চায়ত আৰু বুথ সমিতি সমূহৰ কৰ্মকৰ্তা, দলৰ শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে। ইফালে হৰকান্ত নাথক সভাপতি , চাৰিজনক উপ সভাপতি, দুজনক সাধাৰণ সম্পাদক, পাঁচজনক সম্পাদক, বলেশ্বৰ ৰংপীক ধনভৰালী, বিনয় কুমাৰ মেধিক কাৰ্যালয় সম্পাদক হিচাপে লৈ গুৱাহাটী বিমানকোঠ মণ্ডল সমিতিখন গঠন কৰা হৈছে।তেনেদৰে যুৱ মৰ্চা, মহিলা মৰ্চা, এছ চি মৰ্চা, এছ টি মৰ্চা, অবিচি মৰ্চা, কিষাণ মৰ্চা,সংখ্যালঘু মৰ্চাৰ সমিতিকেইখনো গঠন কৰা হৈছে।
Trending
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ