গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ সভাগৃহত ১৯ জুনত সমিতিৰ “ৰাম নিৰঞ্জন নিৰাময়” শীৰ্ষক গীতটো উন্মোচন কৰা হয় । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটো উন্মোচন কৰে বিশিষ্ট কণ্ঠশিল্পী, চিত্ৰনিৰ্মতা সদানন্দ গগৈয়ে । উল্লেখযোগ্য যে প্ৰায় পাঁচ মিনিত দৈঘ্যৰ ভি ডি অ’ গীতটোৰ কথা,সুৰ আৰু কণ্ঠ সাংস্কৃতিক কর্মী তথা ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডল কাৰ্যালয়ৰ উপ মহা প্ৰবন্ধক জগদীশ বৈশ্যৰ। সঙ্গীত পল্লব দাসৰ আৰু শব্দ সংমিশ্ৰণ জিন্টু বৰদলৈৰ । গীতটোৰ মাধ্যমেৰে ভক্তিৰস আৰু অনুষ্ঠানটোৰ কৃষ্টি-সংস্কৃতি সাহিত্যৰ দিশটো প্ৰতিফলিত কৰিবলৈ প্ৰয়াস কৰা হৈছে । গীতটোৰ প্ৰযোজনা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ । আনহাতে গীতটো ইউ টিউব চেনেল “Jagadish B Music” ত উপলব্ধ হব । আনহাতে সমাজকর্মী ধীৰেন্দ্ৰ নাথ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সঙ্গীত প্ৰভাকৰ সৰ্বেশ্বৰ কলিতা, পাপৰি দাস, জ্ঞানশংকৰ বৰুৱা, সদানন্দ পাঠক, মহীধৰ কলিতা, মুকুট মণি দাস, হৰকান্ত দাস আৰুসমিতিৰ কেবা গৰাকী সদস্য, সদস্যা সকল উপস্থিত থাকে।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা