গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ সভাগৃহত ১৯ জুনত সমিতিৰ “ৰাম নিৰঞ্জন নিৰাময়” শীৰ্ষক গীতটো উন্মোচন কৰা হয় । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটো উন্মোচন কৰে বিশিষ্ট কণ্ঠশিল্পী, চিত্ৰনিৰ্মতা সদানন্দ গগৈয়ে । উল্লেখযোগ্য যে প্ৰায় পাঁচ মিনিত দৈঘ্যৰ ভি ডি অ’ গীতটোৰ কথা,সুৰ আৰু কণ্ঠ সাংস্কৃতিক কর্মী তথা ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডল কাৰ্যালয়ৰ উপ মহা প্ৰবন্ধক জগদীশ বৈশ্যৰ। সঙ্গীত পল্লব দাসৰ আৰু শব্দ সংমিশ্ৰণ জিন্টু বৰদলৈৰ । গীতটোৰ মাধ্যমেৰে ভক্তিৰস আৰু অনুষ্ঠানটোৰ কৃষ্টি-সংস্কৃতি সাহিত্যৰ দিশটো প্ৰতিফলিত কৰিবলৈ প্ৰয়াস কৰা হৈছে । গীতটোৰ প্ৰযোজনা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ । আনহাতে গীতটো ইউ টিউব চেনেল “Jagadish B Music” ত উপলব্ধ হব । আনহাতে সমাজকর্মী ধীৰেন্দ্ৰ নাথ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সঙ্গীত প্ৰভাকৰ সৰ্বেশ্বৰ কলিতা, পাপৰি দাস, জ্ঞানশংকৰ বৰুৱা, সদানন্দ পাঠক, মহীধৰ কলিতা, মুকুট মণি দাস, হৰকান্ত দাস আৰুসমিতিৰ কেবা গৰাকী সদস্য, সদস্যা সকল উপস্থিত থাকে।
Trending
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাত নতুনকৈ গঠন হ’ল জিলা পথ সুৰক্ষা সমিতি
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ১৯৯৪ বর্ষৰ মিলন সমাৰোহ
- Webinar on Feminist Srimanta Sankaradeva
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ বান সাহাৰ্য বিতৰণ
- ব্যতিক্ৰমী আয়োজনেৰে সদ্য অৱসৰপ্ৰাপ্ত সেনা জোৱানক আদৰিলে জন্মস্থানত
- কালিকান্ত নিউজ এজেঞ্চিৰ ইলা শৰ্মা গোস্বামী সোঁৱৰণী বঁটা ঘোষণা -ৰামপুৰৰ খনীন্দ্ৰ মজুমদাৰলৈ ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বাতৰি কাকত পঢ়ুৱৈ বঁটা
- অসম সাহিত্য সভাৰ ‘গান কবিতা বৰষুণ’ শীৰ্ষক অনুষ্ঠান সম্পন্ন
- মিৰ্জাত বিশ্ব ক্ৰীড়া সাংবাদিকতা দিৱস উদযাপন
- ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ দুজন শিক্ষকৰ বিদায় সভা সম্পন্ন
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত অভিলেখ সংখ্যক ৬৮কোটিৰো অধিক কৰ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে