কাছাৰৰ বান পৰিস্থিতিৰ পৰ্যালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

0 310

পি এইচ ই ডি, চীড আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাছাৰৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আজি বৰাক উপত্যকাত উপস্থিত হয়। লগতে, জিলা প্ৰশাসনে প্ৰস্তুত কৰা বানপানীৰ ক্ষতিৰ মূল্যায়নৰ তদাৰক কৰিবলৈ কাছাৰৰ উপায়ুক্ত কাৰ্যালয়ত এক পৰ্যালোচনা বৈঠকত মিলিত হয়।
মন্ত্ৰীজনে শিলচৰৰ বানপানীৰ পিছৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু বানপীড়িতসকলক দিয়া চৰকাৰী অনুদানৰ হিচাপসমূহ লয়। জল সম্পদ বিভাগৰ বিষয়াসকলক আগন্তুক দিনত বান পৰিস্থিতি সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে শিলচৰত পানী জমা হোৱাৰ সমস্যা সমাধানৰ বাবে নলা বোৰ পৰিষ্কাৰ কৰিবলৈ পৌৰসভাক অত্যাধুনিক উপায় প্ৰদান কৰাৰ আশ্বাস দিয়ে।
ইপিনে, মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ বিষয়াসহ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কেও বিতংভাৱে আলোচনা কৰ। তেওঁ এইটোও কয় যে, “চহৰখনৰ নলা-নৰ্দমাবোৰ পৰিষ্কাৰ কৰাৰ বাবে বিশেষ পদক্ষেপ লোৱা উচিত আৰু লগতে আৱৰ্জনা পৰিহাৰ কৰিবলৈ জনসজাগতা সৃষ্টি কৰিব লাগে যাৰ বাবে নলাবোৰ বন্ধ হৈ যায়।”
আনহাতে, অন্যান্য বিভাগৰ বিষয়াসকলে বানপানীৰ পিছৰ পৰিস্থিতিত তেওঁলোকে সন্মুখীন হোৱা সমস্যাবোৰৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰী বৰুৱাই বিষয়াসকলক আশ্বাস দিয়ে যে, “সমস্যা সমাধানৰ বাবে দ্ৰুতগতিত পদক্ষেপ লোৱা হ’ব।”
মন্ত্ৰীগৰাকীয়ে আৰু লগতে আশ্বাস দিয়ে যে, “বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহে সহায় লাভ কৰিব।” লগতে, তেওঁ স্বাস্থ্য বিভাগৰ পৰা বানপানীৰ পিছত হোৱা ৰোগ বা ভুক্তভোগীসকলৰ বাবে প্ৰদান কৰা স্বাস্থ্য শিবিৰৰ বিষয়েও হিচাপ লয়। তেওঁ পশু চিকিৎসা বিভাগক প্ৰয়োজনত জিলা দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰৰ পৰা পশু স্বাস্থ্য শিবিৰৰ বাবে প্ৰয়োজনীয় ঔষধ যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে।
আজিৰ এই বৈঠকত দৈপায়ন চক্ৰৱৰ্তী, মিহিৰকান্তি সোম, কৌশিক ৰায়, খলিলউদ্দিন মজুমদাৰ, উপায়ুক্ত ৰোহন কুমাৰ ঝা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.