কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ বাবে দেশ-বিদেশৰ অহা পৰ্যটকৰ সুবিধাৰ বাবে শীৰ্ঘে কাজিৰঙাত স্থাপন হ’ব অত্যাধুনিক সা- সুবিধাযুক্ত পঞ্চতাৰকা ৰিৰ্জট ৷অসম চৰকাৰৰ পৰ্যটন আঁচনিৰ অধীনত অসম পৰ্যটন উন্নয়ন নিগম তত্ত্বাৱধানত নিৰ্মাণ হ’বলগীয়া ৰিৰ্জট খনৰ প্ৰাৰম্ভিক কামকাজ ইতিমধ্যে আৰম্ভ কৰিছে ৷অসম চৰকাৰৰ ৰাজহ বিভাগৰ অনুমোদনক্ৰমে বোকাখাত মহকুমাধিপতি কাৰ্যালয়ে ৰিৰ্জট নিৰ্মাণৰ বাবে কাৰ্বি আংলংৰ নামনিৰ প্ৰাকৃতিক নৌৰ্সগিক দৃশ্যৰে ভৰপুৰ হাতীখুলি চাহ বাগিচাৰ কাষতে থকা ৩০ বিঘা ভূমি এ টি ডি চিলৈ হস্তান্তৰ কৰে৷পঞ্চতাৰকা ৰিৰ্চট খনৰ নিৰ্মাণ বাবে পৰ্যটন উন্নয়ন নিগমৰ সতে বুজাবুজি চুক্তি সম্পাদন হয় হায়াত গ্ৰুপৰে ৷ দুবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া পঞ্চতাৰকাযুক্ত ৰিৰ্জট খনে দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি আশা কৰে পৰ্যটন উন্নয়ন নিগমে ৷
Trending
- গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা
- ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থাৰ উদ্যোগত পষেকীয়া প্ৰশিক্ষণ শিবিৰ
- প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত ধুবুৰী জিলাভিত্তিক গণৰাজ্য দিৱস উদযাপন
- অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা ৰাজ্যজুৰি বুথ সভা সম্পন্ন
- নলবাৰীত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন মন্ত্ৰী অশোক সিংহলৰ
- বিশ্ববাসীৰ মংগলৰ বাবে পাণ্ডুনাথ দেৱালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীবিষ্ণু মহাযজ্ঞৰ আয়োজন
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি
- গুৱাহাটী বিমানকোঠত বেডমিন্টন চেম্পিয়নশ্বিপৰ সফল সামৰণি
- ৰাজ্যিক চলচ্চিত্র নীতিৰ সন্দৰ্ভত আলোচনা চক্ৰ ৰাজ্যিক চলচ্চিত্র নীতিক অধিক গতিশীল কৰি তোলাৰ বাবে সকলকে আহ্বান সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- নেতাজীৰ জন্ম জয়ন্তী উপলক্ষে মাদকদ্ৰব্য, বাল্যবিবাহ-পথ সুৰক্ষা সম্বন্ধে সজাগতা সভা