কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম সংযোজন এলেকাত নৱ নিৰ্মিত বান্দৰডুবি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ আজি উদ্বোধন কৰা হয় ৷অসম চৰকাৰৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন, ভাৰতীয় বন সেৱা বিষয়া মহেন্দ্ৰ কুমাৰ যাদৱে কালি পুৱা আনুষ্ঠানিক ভাৱে ফিটা কাটি খণ্ড বন কাৰ্যালয়টো মুকলি কৰে ৷এই উপলক্ষে কাৰ্যালয় প্ৰাংগনত আয়োজিত এক বিশেষ অনুষ্ঠানত চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন মহেন্দ্ৰ কুমাৰ যাদৱৰ লগতে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়াৰ লগতে বিষয়া কৰ্মচাৰীৰ উপৰিও সাথানীয় পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কৰ্মকৰ্তাও উপস্থিত থাকে ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই অষ্টম সংযোজন এলেকাত সম্প্ৰতি অতি সুন্দৰকৈ বন্যপ্ৰাণীৰ আৱাস গঢ়ি উঠিছে ৷ উচ্চেদৰ পিচতেই মানুহৰ উপস্থিতি হ্ৰাস পোৱাৰ বাবে অঞ্চলটোত এতিয়া ভালেমান বন্যপ্ৰাণী দেখিবলৈ পোৱা যায় ৷ আজি উন্মোচিত হোৱা বান্দৰডুবি খণ্ড বন কাৰ্যালয়ত নিয়োজিত বনকৰ্মী সকলে খণ্ড বন বিষয়াৰ নেতৃত্বত এতিয়াৰে পৰা অঞ্চলটোৰ সুৰক্ষা আৰু বন্যপ্ৰাণীৰ আৱাস উন্নয়নৰ উপৰিও পাৰিপাৰ্শ্বিক পৰ্যটনৰো পৰিচালনা কৰিব পাৰিব বুলি সঞ্চালক পি শিৱকুমাৰে জনায় ৷
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ