কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত সফলতাৰে অনুষ্ঠিত হ’ল জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা

0 236

অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি আজি কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসমৰ সৌজন্যত আৰু কামৰূপ জিলা প্ৰশাসন, জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা আয়ুৰ্বেদিক চিকিৎসা সন্থা, কামৰূপ জিলা ক্ৰীড়া বিভাগ, ভাৰতীয় যোগ কালচাৰ আৰু যোগ থেৰাপী কেন্দ্ৰৰ সহযোগত জিলা ভিত্তিক এক যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে বন্তি প্ৰজ্বলন তথা আদৰণি ভাষণেৰে শুভাৰম্ভ কৰা এই প্ৰতিযোগিতাত জিলাখনৰ সৰ্বমুঠ ৪৪ গৰাকী প্ৰতিযোগীয়ে বয়স অনুসৰি ৪টা শাখাত প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হয়। প্ৰতিযোগিতাখনত ১০ বছৰৰ অনুৰ্দ্ধৰ শাখাত নয়নিকা নাথ, ১০ৰ পৰা ১৮ বছৰ বয়সৰ শাখাত জেৰিফা আফৰিণ আহমেদ, ১৮ৰ পৰা ৩৫ বছৰ বয়সৰ শাখাত পম্পি দাস আৰু ৩৫ বছৰৰ উৰ্দ্ধৰ শাখাত দীপামনি কাকতিয়ে শ্ৰেষ্ঠত্ব অৰ্জনেৰে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰে।

আজিৰ এই অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামী,নিৰ্বাচনী বিষয়া মানসজ্যোতি বৰা, সহকাৰী আয়ুক্ত জলি দাস, কৌস্তভ ৰায়, আয়ুষ, কামৰূপ জিলাৰ নডেল বিষয়া ডাঃ অৰবিন্দ দাস প্ৰমুখ্যে গণ্য-মান্য ব্যাক্তি সকল উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.