কামৰূপ জিলাৰ ১৫ গৰাকী হাইস্কুল আৰু এম ই স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰীক অৱসৰকালীন লাভা-লাভ প্ৰদান

0 219

কামৰূপ জিলাৰ সংহত উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপুৰ্ব ঠাকুৰীয়াই সদ্য অৱসৰী ১৫ গৰাকী হাইস্কুল আৰু এম ই স্কুলৰ শিক্ষক -শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰীক তেওঁলোকৰ অৱসৰী লিভ এনকে’চমেন্ট আৰু জি আই এচৰ মঞ্জুৰী পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ উপৰি সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে কৰ্মচাৰী সকলক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। এই সম্পৰ্কে আয়োজিত অনুষ্ঠানত বক্তব্য ৰাখি বিদ্যালয় সমূহৰ পৰিদৰ্শক গৰাকীয়ে কয় যে ২০১৯ বৰ্ষৰ ৩১ মাৰ্চৰ পৰা কামৰূপ জিলাৰ এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰী সকলক অৱসৰৰ দিনাই তেওঁলোকক অৱসৰৰ লাভা-লাভ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰী সকলকো অৱসৰৰ দিনাখনেই এনেদৰেই তেওঁলোকৰ অৱসৰকালীন লাভা-লাভ প্ৰদান কাৰ্য নিয়মিত ৰূপত কৰি অহা হৈছে। অৱসৰৰ দিনাখনেই তেওঁলোকক পেঞ্চনৰ কাগজ-পত্ৰ আৰু সা-সুবিধা প্ৰদানৰ দিশত কামৰূপ জিলাই দায়বদ্ধতাৰে কাম কৰি আহিছে বুলিও তেওঁ কয়।অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলে কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ এই কামৰ শলাগ লৈ বক্তব্য আগবঢ়ায়।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.