অসম চৰকাৰে যোৱা ১৮ ছেপ্তেম্বৰৰ পৰা বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্হ্য শিবিৰৰ আয়োজন কৰিছে । ইয়াৰ অংশ হিচাপে “শুশ্ৰুষা সেতু”ৰ অধীনত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সহযোগত আজি নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ বৃহৎ স্বাস্হ্য শিবিৰ চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হয় । এই বৃহৎ স্বাস্হ্য শিবিৰৰ শুভাৰম্ভ কৰি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে কয় যে ১৮ বছৰৰ তলৰ শিশু-চেমনীয়া,যুৱক-যুৱতীক সামৰি স্বাস্থ্য পৰীক্ষাৰ অৰ্থে প্ৰতিটো সমষ্টিত অনুষ্ঠিত এনে ধৰণৰ স্বাস্হ্য শিবিৰে সকলোকে উপকাৰ কৰিব।পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ যথেষ্ট শলাগ লয় । এই শিবিৰত শিশু ৰোগ ,দন্ত ৰোগ,কাণ-নাক আৰু ডিঙি,চকু,স্নায়ুৰোগ ,হৃদৰোগ,চৰ্ম ৰোগ,শিশুৰ বিকাশজনিত বিলম্ব আদি কৰি ৫০ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰা হয় ।উল্লেখযোগ্য যে এই শিবিৰত পঞ্জীয়ণ কেন্দ্ৰৰ উপৰি ১৬ টা বহি:বিভাগৰ কক্ষ আছে।বিশেষভাৱে সক্ষম শিশুৰ পৰীক্ষণ কক্ষ, মুখ কৰ্কট আৰু স্তন কৰ্কট ৰোগ,আয়ুস বহি: বিভাগ,সাধাৰণ বহি: বিভাগ,দন্ত ৰোগ বহি: বিভাগ,কাণ,নাক আৰু ডিঙি বহি:বিভাগ,চকুৰোগ,স্নায়ুৰোগ আদি বিভিন্ন ৰোগৰ কক্ষত চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে স্বাস্হ্য সন্দৰ্ভত চিকিৎসা প্ৰদান কৰে । আজিৰ অনুষ্ঠানত কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান, জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞা,নিউ গুৱাহাটী সম জিলা আয়ুক্ত অৰুন্ধতী মিপুন নৰহ, গুৱাহাটী পৌৰনিগমৰ পাৰিষদ,জিলা প্ৰশাসনৰ বিষয়া -কৰ্মচাৰী,চিকিৎসক, চিকিৎসা কৰ্মী তথা নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ বিদ্যালয় সমূহৰ সহস্ৰাধিক শিক্ষাৰ্থী তথা অভিভাৱকসকলে এই শিবিৰত অংশগ্ৰহণ কৰে।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে