কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে সুমিত ছাত্তাৱানৰ যোগদান

0 129

কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰে ২০১৫ বেটছৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া সুমিত ছাত্তাৱানে৷ ৰাজ্য চৰকাৰৰ শেহতীয়া এক নিৰ্দেশযোগে কৰ আয়ুক্ত হিচাপে বদলি হোৱা পল্লৱ গোপাল ঝাৰ স্থলাভিষিক্ত হৈছে সুমিত ছাত্তাৱান৷ আজি তেওঁ পল্লৱ গোপাল ঝাৰ পৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰে৷ ইয়াৰ পূৰ্বে সুমিত ছাত্তাৱানে লখিমপুৰ জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ আজি বিয়লি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া – কৰ্মচাৰীসকলে পল্লৱ গোপাল ঝাক বিদায় সম্বৰ্ধনা জনাই৷ একেখন সভাতে সুমিত ছাত্তাৱানক আনুষ্ঠানিক ভাৱে আদৰণি জনোৱা হয়৷

Leave A Reply

Your email address will not be published.