কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত আজি জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ।কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত অজিত কুমাৰ শৰ্মা,পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস,কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব অভিজিৎ চৌধুৰী, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ, নিতু চেতিয়া, যানবাহন পৰিদৰ্শক পংকজ কুমাৰ দাসকে ধৰি জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত লোকনিৰ্মাণ,স্বাস্থ্য আদি বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াৰ উপস্থিতিত বৈঠকখন অনুস্থিত হয় । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত যৌথ টহল দিয়াৰ বাবে জিলা পৰিবহণ বিষয়াৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ আলোচনা, পথচাৰীকে ধৰি সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীৰ সুৰক্ষিত যাতায়াতৰ ব্যৱস্থা কৰা, ব্লেক স্পট ডাটা প্ৰদান আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় । বৈঠকত জিলা আয়ুক্তগৰাকীয়ে পথ-সুৰক্ষাৰ লগত জড়িত সকলো বিভাগকে পথ-দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত নিজৰ নিজৰ বিভাগৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন