কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ প্ৰশংসনীয় পদক্ষেপ

0 218

অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কার্যালয়ে চৌহদত থকা বাহন নিৰ্মাতা কোম্পানী হোণ্ডা ড্ৰাইভিং এডুকেচন চেণ্টাৰৰ সহযোগত ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এইবাৰ ২০২১ বর্ষত উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ আৰু ১৮ বছৰ সম্পূৰ্ণ হোৱা শিক্ষাৰ্থী সকলক বাহন চালনা – পথ সুৰক্ষাৰ প্ৰশিক্ষণ দি থিতাতে শিকাৰু চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছে । আজি জিলা পৰিবহন বিষয়া কাৰ্যালয় চৌহদত থকা হোণ্ডা ড্ৰাইভিং এডুকেচন চেণ্টাৰত শিকাৰু চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । মাংগলিক কাৰ্যৰ মাজেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট শিক্ষাবিদ , শংকৰদেৱ শিশু নিকেতন , বেতকুছিৰ প্ৰধানাচাৰ্য ডঃ দীনেশ কলিতা , বিশিষ্ট চিকিৎসক ডাঃ কবিতা মজুমদাৰ আৰু অৱসৰপ্ৰাপ্ত জিলা পৰিবহন বিষয়া দ্বিজেন দাসে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত উদ্দেশ্য বাখ্যা কৰি জিলা পৰিবহন বিষয়া গৌতম দাসে কয় অসমৰ লগতে দেশৰ আন ৰাজ্যত হোৱা পথ দুৰ্ঘটনা সমূহৰ ৭০ শতাংশৰো অধিক চালকৰ মানৱীয় ভুলৰ বাবে হয় বুলি বিভিন্ন চৰকাৰী – বেচৰকাৰী সংস্থাই তথ্য দাঙি ধৰিছে । ফলত যিসকলে বাহন চালনাৰ বাবে আগ্ৰহী তেওঁলোকক সৰুৰে পৰা উপযুক্ত প্ৰশিক্ষণ প্ৰদানেৰে গুণগত মানৰ গাড়ী বা বাহন চালক হিচাপে গঢ় দিবলৈ চেষ্টা কৰা হৈছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান ব্যৱস্থাটো সৰল কৰিবলৈ আৰু দৰকাৰ হলে তেওঁলোকক মিঠাই খুৱাবলৈ জিলা পৰিবহন বিষয়া সকলক দিয়া আহ্বানৰ বিষয়টো আলোকপাত কৰি পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে অহা ১৫ আগষ্টলৈ এইবেলি উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ আৰু ১৮ বছৰ সম্পূৰ্ণ কৰা ২৫ জনকৈ শিক্ষাৰ্থীক দৈনিক শিকাৰু চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হব বুলি ব্যক্ত কৰে । আনহাতে ডঃ দীনেশ কলিতাই চমু ভাষণত এনে ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা বাবে জিলা পৰিবহন বিষয়া গৌতম দাসৰ শলাগ লয় আৰু উপস্থিত শিক্ষাৰ্থী সকলক উদ্দেশ্যি বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় । তেনেদৰে অৱসৰপ্ৰাপ্ত জিলা পৰিবহন বিষয়া দ্বিজেন দাসে যান বাহনৰ আইন সমূহৰ ওপৰত বাখ্যা দাঙি ধৰি শিক্ষাৰ্থী সকলক পৰৱৰ্তী সময়ত যান বাহন আইন মানিহে পথত বাহন চলাবলৈ আহ্বান জনায় । ইয়াৰ উপৰিও চিকিৎসকত্ৰয় ডাঃ কবিতা মজুমদাৰ , ডাঃ সুৰজিত বৰুৱা আৰু ডাঃ সীমান্ত বৰ্মনে দুৰ্ঘটনা সংঘটিত হলে প্ৰাথমিকভাবে কি কৰিব লাগে তাক প্ৰদৰ্শন কৰে । কাৰ্যসূচীত হোণ্ডা ড্ৰাইভিং এডুকেচন চেণ্টাৰৰ চেফটি ড্ৰাইভিং কো-অৰ্ডিনেটৰদ্বয় জয়ন্ত কুমাৰ দাস আৰু প্ৰদীপ গোঁহাই , জেষ্ঠ যান বাহন পৰিদৰ্শকদ্বয় কানাই মহন্ত আৰু জয়সিং ৰংফাৰ উপস্থিত থাকে । কাৰ্যসূচীত কেবাজনো শিক্ষাৰ্থীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে । ইয়াৰ উপৰিও প্ৰথম দিনাই উপস্থিত প্ৰায় ২৫ জন শিক্ষাৰ্থীক চিমূলেটৰ যন্ত্ৰৰ সহায়ত বাহন চালনাৰ প্ৰশিক্ষণ , সংকেতকে ধৰি বাহনৰ সৈতে জড়িত প্ৰশিক্ষণ প্ৰদান কৰে।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.