অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কার্যালয়ে চৌহদত থকা বাহন নিৰ্মাতা কোম্পানী হোণ্ডা ড্ৰাইভিং এডুকেচন চেণ্টাৰৰ সহযোগত ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰৰ বাবে স্বাস্থ্যসেৱাৰ লগত জড়িত আৰু ক’ভিড যুদ্ধৰ প্ৰকৃত সেনানী সকলৰ বাবে বাহন চালনা-পথ সুৰক্ষাৰ প্ৰশিক্ষণ দি থিতাতে শিকাৰু চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছে। আজি জিলা পৰিবহন বিষয়া কাৰ্যালয় চৌহদত থকা হোণ্ডা ড্ৰাইভিং এডুকেচন চেণ্টাৰত শিকাৰু চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। মাংগলিক কাৰ্যৰ মাজেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ (জি.এম.চি.এইছ) উপ অধীক্ষক ডাঃ উজ্জ্বল শৰ্মাই। এই উপলক্ষে আয়োজিত অনুষ্ঠানত উদ্দেশ্য বাখ্যা কৰি জিলা পৰিবহন বিষয়া গৌতম দাসে কয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান ব্যৱস্থাটো সৰল কৰিবলৈ আৰু দৰকাৰ হলে তেওঁলোকক মিঠাই খুৱাবলৈ জিলা পৰিবহন বিষয়া সকলক দিয়া আহ্বানৰ বিষয়টো আলোকপাত কৰি চিকিৎসককে ধৰি স্বাস্থ্যসেৱাৰ লগত জড়িত সকলৰ বাবে অহা ৩১ আগষ্টলৈ জনকৈ ১০ শিক্ষাৰ্থীক দৈনিক শিকাৰু চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হব বুলি ব্যক্ত কৰে। আনহাতে ডাঃ উজ্জ্বল শৰ্মাই চমু ভাষণত এনে ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা বাবে জিলা পৰিবহন বিষয়া গৌতম দাসৰ শলাগ লয় আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে পৰিবহণ মন্ত্ৰী ধন্যবাদৰ পাত্ৰ। তেনেদৰে জি. এম.চি.এইছৰ কনিষ্ঠ চিকিৎসক সন্থাৰ সাধাৰণ সম্পাদক ডাঃ অচিন্ত্য পেগু, কৰ্মকর্তা ক্ৰমে ডাঃ ৰঞ্জিত ৰাউত, ডাঃ নয়নমণি শৰ্মা, ডাঃ উপাসনা কলিতা, ডাঃ তৃষ্ণা মেধি, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ উপাধ্যক্ষ মুকুটা ডেকা, জনসম্পৰ্কৰক্ষী বিষয়া সনাতন দাসে সভাত ভাগ লৈ চমু ভাষণত ক’ভিড যুদ্ধৰ সেনানী সকলক বাহন চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে এনে ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বাবে ধন্যবাদ জ্ঞাপন কৰে। সভাত সমাজকর্মী আনন্দ চৌধুৰী, কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলাম, জ্যেষ্ঠ যান বাহন পৰিদৰ্শক দ্বয় কানাই মহন্ত আৰু জয়সিং ৰংফাৰ, প্ৰৱৰ্তক পৰিদৰ্শক মৰমী পাঠক উপস্থিত থাকে। সভাৰ অন্তত, জেষ্ঠ যান বাহন পৰিদৰ্শকদ্বয় কানাই মহন্ত আৰু জয়সিং ৰংফাৰে আবেদনকাৰী কনিষ্ঠ চিকিৎসক সকলক অত্যাধুনিক চিমূলেটৰ যন্ত্ৰৰ সহায়ত বাহন চালনাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ, ট্ৰেফিক সংকেত, পথত মানি চলিবলগীয়া নীতি নিয়ম সমূহৰ বিষয়ে প্ৰাথমিক প্ৰশিক্ষণ প্ৰদান কৰে। সভাত উপস্থিত কেবাজনো আবেদনকাৰী কনিষ্ঠ চিকিৎসকে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে ।উল্লেখযোগ্য যে অহা ৩১ আগষ্টলৈ প্ৰতিদিনে চিকিৎসকসহ স্বাস্থ্য সেৱাৰ লগত জড়িত সকলৰ ভিতৰত নীৰৱে ১০ জনক শিকাৰু চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হব। তাৰ পাছত পৰবৰ্তী সময়ত নিৰ্দিষ্ট সময়ৰ ভিতৰতে তেওঁলোকক জি.এম.চি.এইছ চৌহদত যান বাহন পৰিদৰ্শকে বাহন চালনাৰ পৰীক্ষা কৰি মূল অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। ইয়াৰ পূৰ্বে যোৱা ২ আগষ্টৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৮ বছৰ উৰ্ধৰ ২৫ জনকৈ শিক্ষাৰ্থীক শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান কৰি অহা হৈছে।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme