বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষা দিশটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পৰিবহণ বিভাগক ৰাজহ সংগ্ৰহৰ সমান্তৰালভাৱে এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষৰে কাম কৰিবলৈ নিৰ্দেশনা দিছে। একে নিৰ্দেশনা দিছে অসম আৰক্ষীকো। আনকি নৱবৰ্ষক আদৰাৰ নামত যোৱা ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীত যাতে কোনেও সুৰাপান কৰি ৰাজপথত বাহন নচলাই তাৰ বাবে আৰক্ষী আৰু পৰিবহণ বিভাগে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি বিশেষ অভিযান চলাইছিল। আনকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটী মহানগৰীৰ বিভিন্ন ৰাজপথত হাতে কামে নামি পৰি আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিশেষ অভিযানৰ তদাৰক কৰিছিল। ফলত বিগত বৰ্ষ সমূহৰ তুলনাত এইবেলি নৱবৰ্ষক আদৰাৰ নামত গুৱাহাটীকে ধৰি ৰাজ্যৰ আন আন জিলাত বিশেষ দুৰ্ঘটনা সংঘটিত নহ’ল। পৰৱৰ্তী মাঘৰ বিহুৰ উৰুকাৰ সময়তো একে তৎপৰতা গ্ৰহণ কৰা বাবে ৰাজপথত উৰুকাৰ নিশা তেনে কোনো দুৰ্ঘটনা সংঘটিত নহল। আনকি মাৰ্চ মাহত ৰঙৰ উৎসৱ হলীৰ সময়তো তেনে সজাগতা অভিযান চলাইছিল কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে। সেই সফলতাৰ পাছত এইবাৰ ক’ভিডৰ বাবে দুবছৰ পাছত উদযাপন কৰিবলগীয়া অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুক লৈ তেনে তৎপৰতা আৰম্ভ কৰিছে বিভাগে। বিশেষকৈ ৰঙালী বিহুক আদৰাৰ নামত কোনো চালকে যাতে সুৰাপান কৰি ৰাজপথত বাহন চলাব নোৱাৰে তাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে তৎপৰতা আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত জিলা পৰিবহণ বিভাগে ৰঙালী বিহুৰ সময়ত সুৰাপান কৰি বাহন নচলাবলৈ আহ্বান জনায় গুৰুত্বপূৰ্ণ স্থান সমূহত “ৰাংঢালী ৰঙালীক আদৰক জৰিমনাক নহয়” “সুৰাপান কৰি বাহন নচলাব” “দুচকীয়া বাহনৰ চালক-আৰোহীয়ে হেলমেট পৰিধান কৰক” শীর্ষক হৰ্ডিং, বেনাৰ স্থাপন কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে আন আন উৎসৱৰ দৰে ৰঙালী বিহুৰ সময়ত বহুতে আনন্দত মতলীয়া হৈ সুৰাপান কৰি দুচকীয়া-চাৰিচকীয়া বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰি নিজৰ লগতে আনৰো সৰ্বনাশ মাতি আনে। ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীয়ে উৎসৱৰ গইনা লৈ কোনো চালকে যাতে সুৰাপান কৰি ৰাজপথত বাহন চলাব নোৱাৰে আৰু তেনে ঘটনা ৰোধ কৰিবলৈ নিৰ্দেশনা দিছে। গতিকে অসমীয়া নতুন বছৰ ৰঙালী বা বহাগ বিহুৰক আদৰাৰ নামত আনন্দত মতলীয়া হৈ পথত বাহন চলালে তেনে চালকক পৰিবহণ বিভাগে আৰক্ষীৰ সহযোগত আটক কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব। আনকি দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়কে হেলমেট পৰিধান কৰিহে পথত বাহন চলাবলৈ আহ্বান জনাইছে। আনহাতে খানাপাৰা খেলপথাৰত অনুষ্ঠিত ৰঙালী উৎসৱত ১০ এপ্ৰিলৰ দিনা নিশা তেওঁৰ লগতে জ্যেষ্ঠ যান বাহন পৰিদৰ্শক জয়সিং ৰংফাৰে ভাগ লৈ এই সম্পৰ্কীয় সজাগতা অভিযান আৰম্ভ কৰিছে বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিছে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা