কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত ৫০ জনী যুৱতীক গাড়ী -চালনাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

0 290

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ “আত্মনির্ভৰ অসম” কাৰ্যসূচীৰ অংশ হিচাপে স্বনিৰ্ভৰশীলতাৰ লক্ষ্যৰে যোৱা জুন মাহত অসমৰ ১২৬ টা বিধানসভা সমষ্টিত ৫০ জনক শিক্ষিত নিবনুৱা যুৱক-যুৱতীক পেশাদাৰী দক্ষ গাড়ী চালনাৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছিল অসম চৰকাৰে। সেই অনুসৰি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত স্থানীয় বিধায়কৰ অনুমোদন সাপেক্ষে কামৰূপ মহানগৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটীৰ ৫০ জনী যুৱতীসহ ২০০ গৰাকী নিৰ্বাচিত যুৱক-যুৱতীক ডেৰমহীয়া গাড়ী চালনাৰ প্ৰশিক্ষণ দিয়াৰ বাবে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পহিলা জুনত শুভাৰম্ভ কৰা হৈছিল। তাৰ পিছত ৬ জুনৰ পৰা ৰিহাবাৰীস্থিত মহিলা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই.টি.আই) চৌহদত ৫০ জনী যুৱতীক গাড়ী চালনাৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰে। আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ তদাৰকৰ দায়িত্বত থকা পৰিবহণ বিভাগৰ
সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰৰ জিলা পৰিবহণ বিষয়া আৰু জিলা বাছনি আৰু নিৰীক্ষণ সমিতিৰ সদস্য সচিব গৌতম দাসে জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কেবাটাও বিভাগীয় পৰ্যায়ৰ পৰীক্ষণৰ অন্তত প্ৰশিক্ষণৰ বাবে ৰিহাবাৰীৰ মহিলা আই টি আইকে ধৰি মহানগৰীৰ ৪ খন ড্ৰাইভিং ট্ৰেইনিং স্কুল বাছনি কৰি প্ৰতিখনতে ৫০ জনকৈ যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদানৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছিল। কেবাটাও পৰ্যায়ৰ অন্তত যুৱতী সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ ইতিমধ্যে সামৰণি পৰিছে। সেই উপলক্ষে বেতকুছিস্থিত জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সভাগৃহত ২২ ছেপ্টেম্বৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশ লৈ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে গাড়ী চালনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি উত্তীৰ্ণ হোৱা সকলো যুৱতীৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি কয় গাড়ী চালনাৰ দক্ষতা বিকাশ প্ৰশিক্ষণৰ এই ব্যতিক্ৰমী আঁচনিখনৰ প্ৰধান উদেশ্যসমূহৰ ভিতৰত যুৱপ্ৰজন্মক লৈ নিয়োগ বা নিযুক্তি সৃষ্টি কৰা, সুৰক্ষিত আৰু নিৰাপদ যাত্ৰাৰ বাবে বাতাবৰণ গঢ়ি তোলাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তোলা, পৰ্যটক আৰু ভিআইপিৰ সৈতে কথা-বাৰ্তা আৰু পৰিস্থিতিৰ মোকাবিলা কৰা , যোগাযোগ, প্ৰাথমিক চিকিৎসা আৰু ক্ষিপ্ৰ সহাৰি আগবঢ়োৱা, পৰ্যটন নিৰ্দেশনাৰ দক্ষতা আদিয়ে প্ৰধান। আনহাতে অনুষ্ঠানত যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰে ভাগ লৈ পথ সুৰক্ষাৰ লগতে ৰাজপথত গাড়ী চালনাৰ সময়ত মানি চলিব লগীয়া কলা-কৌশল, নীতি- নিয়মৰ ওপৰে চমুকৈ বাখ্যা দাঙি ধৰে। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলাম আৰু জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসেও যুৱতী সকলক উদ্দেশ্যি শুভেচ্ছা মূলক ভাষণ দিয়ে। অনুষ্ঠানৰ পূৰ্বে জিলা পৰিবহণ বিষয়া কাৰ্যালয় চৌহদত থকা হোণ্ডা চেফটি ড্ৰাইভিং ট্ৰেইনিং স্কুলৰ উদ্যোগত যুৱতী সকলে গাড়ী চলাই নিজৰ কাৰ্য কুশলতা প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে প্ৰশিক্ষণ সমাপ্ত কৰা যুৱতী সকলে বিভাগীয় নিয়ম অনুসৰি ডাক যোগে অহা কেইদিনত নিজ ঘৰতে গাড়ী চালনাৰ লঘু অনুজ্ঞাপত্ৰ লাভ কৰিব। তেনেদৰে বেংক একাউন্ট যোগে জলপানী হিচাপে লাভ কৰিব ৩,৩৭৫ ,টকাকৈ।

Leave A Reply

Your email address will not be published.