কালিৰে আৰম্ভ হ’ব ভাৰ্চুৱেল ৰেলীৰ কাৰ্যসূচী

0 240

কালিৰে পৰা ভাৰতীয় জনতা পাৰ্টীৰ জনসম্বোধন শীৰ্ষক এক কাৰ্যসূচীৰ আৰম্ভ হ’ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ৪বাজি ৩০বজাত আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচী ৰাজধানী দিল্লীৰ পৰা হ’ব।
 
 
ভাৰতীয় জনতা পাৰ্টীৰ এই জনসম্বোধন শীৰ্ষক কাৰ্যসূচীত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সম্বোধন কৰিব। সমান্তৰালভাৱে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা।
 
 
ভাৰতীয় জনতা পাৰ্টীয়ে  দলৰ এই জনসম্বোধন শীৰ্ষক কাৰ্যসূচীৰ বাবে দেশৰ ১কোটি জনতাক লক্ষ্য কৰি লৈছে। উল্লেখযোগ্য যে এই জন সম্বোধন শীৰ্ষক কাৰ্যসূচী যোৱা ১৮জুনত হোৱা কথা আছিল যদিও ক’ভিড১৯ৰ পৰিস্থিতিৰ বাবে  পিছুৱাই দিয়া হয়। এই জনসম্বোধন শীৰ্ষক কাৰ্যসূচী ঘৰতে বহি চ’চিয়েল মিডিয়া অথবা সংবাদ মাধ্যমৰ যোগেদি চাবলৈ সংবাদ মেল যোগে আজি আহ্বান জনায়।

Leave A Reply

Your email address will not be published.