কাৰ্গিল বিজয় দিৱসৰ বিশেষ-মই কাৰ্গিলৰ এজন সৈনিকে কৈছো

0 198

কাৰ্গিল যুদ্ধৰ বিভীষিকাই আজিও ৰোমাঞ্চিত কৰি তোলে ৷ এতিয়াও সুযোগ পালে যুদ্ধলৈ যাবলৈ সাজু আছো৷এই মন্তব্য কাৰ্গিল যুদ্ধত চিকিৎসা সেৱা আগবঢ়োৱা শুভন কাকতিৰ৷
 
 
 
 
 
 
কাৰ্গিল যুদ্ধৰ তিতা মিঠা অভিজ্ঞতা এন ই ফ’কাচৰ আগত সুঁৱৰি এইগৰাকী বীৰ সৈনিকে এনেদৰে কয়-
যুদ্ধ স্থলী আছিল অত্যন্ত দুৰ্গম অঞ্চল৷গোটেই ৰাতি যুদ্ধ চলিছিল৷যিহেতু দুৰ্গম পথত বগাবলৈ সময়ে সময়ে পানীৰ প্ৰয়োজন হৈছিল৷সেয়েহে  মিঠা মৰ্টন খাই যুদ্ধ ক্ষেত্ৰলৈ আগুৱাই গৈছিলো ৷ কম্পাছ, ধ্ৰুৱতৰাৰ গতিৰে দিশ নিৰ্ণয় কৰিছিলো৷
 
 
 
 
সৈনিকসকলৰ চিকিৎসাৰ বাবে লগত যুদ্ধক্ষেত্ৰলৈ নিছিলো কিছু ঔষধ ,মেগী,চিকেন চুপ আৰু ড্ৰাই ফুডছ ৷ বিজয় দিৱসৰ দিনা কাৰ্গিলৰ স্মৃতি সুঁৱৰি অৱসৰপ্ৰাপ্ত সৈনিকজনে কয় যে গোটেই ৰাতি ভাৰতীয় সৈনিক আৰু পাকিস্থানী সৈনিকৰ মাজত যুদ্ধ হৈছিল ৷পুৱতি নিশা প্ৰায় ৪·৩০ মান বজাত যুদ্ধ শাম কাটিছিল৷ দিনৰ ভাগতে খোৱা লোৱা সমাপন কৰিছিলো৷ নিজৰ নিৰাপত্তাৰ বাবে ওখ শিল,পাহাৰৰ গুহাত আশ্ৰয় লৈছিলো৷
 
 
 
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে লখিমপুৰৰ জৰাবাৰীৰ এই সৈনিকজন ১৮ নং গাৰোৱাৰ ৰেজিমেণ্টৰ আছিল ৷যদিও সেই সময়ত যোগাযোগৰ ক্ষেত্ৰত বিশেষ কোনো মাধ্যম নাছিল ৷তথাপিও উচ্চপদস্থ বিষয়াই দিয়া আদেশক মানি আগবাঢ়িছিলো ৷ তেখেতে প্ৰকাশ কৰা অনুসৰি কাৰ্গিল যুদ্ধত আহত ৩৪২ জন সৈনিকক চিকিৎসা সেৱা আগবঢ়াইছে৷
 
 
 
বীৰ শ্বহীদ কেপ্তেইন জিণ্টু গগৈৰ সম্পৰ্কে কয় যে – “কেপ্তেইন জিণ্টু গগৈ অতিকৈ সাহসীয়াল আছিল৷ সকলো কাম অকলে কৰিব বিচাৰিছিল ৷ দহজন মানুহৰ কাম অকলে কৰিব বিচৰা এজন সৈনিক আছিল৷”
 
 
 
যুদ্ধ বুলিলে মনত শংকা জাগে,ভয় লাগে ৷ আমাৰ সৈনিক সকলৰ মনত সেই সময়ত তেনে কোনো শংকা বা চিন্তা নাছিল ৷ সেই সময়ত এটাই মনলৈ আহিছিল যে কিদৰে পাকিস্থানী সেনাক ভাৰতভূমিৰ বিভিন্ন অংশ দখলৰ পৰা প্ৰতিৰোধ কৰিব পৰা যায়৷
 
 
 
আমাৰ বিহু আহিলে যিদৰে মনত উছাহ জাগে ৷ ঠিক একেই উছাহে আমাৰ মনত ইন্ধন যোগাইছিল ৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ১৯৯৯ চনৰ মে’ মাহৰ পৰা জুলাই মাহলৈকে কাৰ্গিলৰ যুদ্ধ চলিছিল ৷ প্ৰায় ২০ হাজাৰ সৈনিকে দেশক ৰক্ষাৰ বাবে আগবাঢ়ি গৈছিল ৷
 
 
 
এনে সময়ো পাৰ কৰিছো যিটো সময়ত আমি সকলোৱে খাদ্যৰ অভাৱত পৰিছিলো৷এটা ৰঙালাও কেচাই খাবলৈ বাধ্য হৈছিলো৷ এয়া আছিল কাৰ্গিলৰ এজন সৈনিকৰ জীয়া কাহিনী৷
এনে ধৰণৰ লেখাৰ বাবে এন ই ফ’কাচ ডট কমক লগ ইন কৰিবলৈ নাপাহৰিব..

Leave A Reply

Your email address will not be published.