দীঘলীপুখুৰীত কাৰ্গিল বিজয় দিৱস পালন 

0 201

দেশৰ আন ৰাজ্যৰ লগতে অসমতো দেওবাৰে ক’ভিড কেন্দ্রিক  পৰিস্থিতিৰ মাজত সীমিত পৰিসৰত কাৰ্গিল যুদ্ধৰ ২১ সংখ্যক বিজয় দিৱস পালন কৰা হয় । এই উপলক্ষে ৰাজ্যৰ সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত সন্ধিয়া দীঘলীপুখুৰীত থকা যুদ্ধ স্মাৰকত কাৰ্গিল যুদ্ধৰ শ্বহীদ সেনানী সকলক স্মৰণ কৰা হয়।
 
 
 
ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্তেইন কে চি কলিতা (অৱসৰপ্ৰাপ্ত ) আৰু হৰবিন্দৰ সিঙে শ্ৰদ্ধাঞ্জলিৰে শুভাৰম্ভ কৰা অনুষ্ঠানত কেইবাজনো প্ৰাক্তন সেনা বিষয়া ,সৈনিক,এন চি চি কেডেট আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়া উপস্থিত থাকে।
 
 
 
আনহাতে অনুষ্ঠানত ভাৰতীয় বায়ু সেনাৰ এটা দলে দেশপ্ৰেমমূলক ব্ৰেণ্ড প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও বীৰ শ্বহীদ সকলৰ সোঁৱৰণত অমৰ জোৱান জ্যোতিত বন্তি প্রজ্বলন কৰাৰ পাছত অনুষ্ঠানৰ সামৰণি মৰা হয় ।

Leave A Reply

Your email address will not be published.