চাকৰি জীৱনত দেখুওৱা পাৰদৰ্শিতা আৰু কৃতিত্বপূর্ণ সেৱাৰ বাবে এইবাৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ ভাৰতীয় আৰক্ষীৰ পদক প্ৰাপক তথা গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ অধীনৰ আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া,পৰিদৰ্শক অশোক কুমাৰ দত্তক বিভিন্ন দল সংগঠনে সম্বৰ্দ্ধনা জনাইছে।উল্লেখ্য ১৯৮৭ চনত অসম আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলা অশোক কুমাৰ দত্ত কিছু বছৰ পূৰ্বে পৰিদৰ্শক পদলৈ পদোন্নতি লাভ কৰে।আনহাতে আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে ২০১৬ চনৰ নৱেম্বৰ মাহত যোগদান কৰা বিষয়া গৰাকীয়ে বিগত তিনি বছৰত থানাৰ অন্তৰ্গত নাগৰিক কমিটি আৰু গাঁওৰক্ষী বাহিনী সমূহক সক্ৰিয় কৰি আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পর্কৰ উন্নতি সাধন কৰিবলৈ সক্ষম হয়।ফলত থানা এলেকাত বহু সৰু সুৰা অপৰাধ আৰু অসামাজিক কাৰ্যকলাপ হ্ৰাস পায়।আনকি অশোক কুমাৰ দত্তৰ দিনতে মডেল থানা হিচাপে ঘোষিত আজাৰা থানাৰ ভৱনটো নতুনকৈ নিৰ্মাণ কৰা হয় আৰু বিগত বৰ্ষত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীৰ তদানীন্তন সঞ্চালক ড০ কুলধৰ শইকীয়াৰ উপস্থিতিত থানাৰ নতুন ভৱনটো উদ্বোধন কৰে।আনহাতে অশোক কুমাৰ দত্তই গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ ভাৰতীয় আৰক্ষী পদকৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ পৰা নাম ঘোষণা হোৱাৰ পাছত বিগত দিনত থানা এলেকাৰ নাগৰিক কমিটি,গাঁওৰক্ষী বাহিনী,তালুক কমিটি,বজাৰ কমিটি,ব্যৱসায়ী সন্থা,সাংবাদিক সন্থা,মহিলা সমিতিকে ধৰি বিভিন্ন দল সংগঠনে থানালৈ আহি পৰিদৰ্শক গৰাকীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন