চাকৰি জীৱনত দেখুওৱা পাৰদৰ্শিতা আৰু কৃতিত্বপূর্ণ সেৱাৰ বাবে এইবাৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ ভাৰতীয় আৰক্ষীৰ পদক প্ৰাপক তথা গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ অধীনৰ আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া,পৰিদৰ্শক অশোক কুমাৰ দত্তক বিভিন্ন দল সংগঠনে সম্বৰ্দ্ধনা জনাইছে।উল্লেখ্য ১৯৮৭ চনত অসম আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলা অশোক কুমাৰ দত্ত কিছু বছৰ পূৰ্বে পৰিদৰ্শক পদলৈ পদোন্নতি লাভ কৰে।আনহাতে আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে ২০১৬ চনৰ নৱেম্বৰ মাহত যোগদান কৰা বিষয়া গৰাকীয়ে বিগত তিনি বছৰত থানাৰ অন্তৰ্গত নাগৰিক কমিটি আৰু গাঁওৰক্ষী বাহিনী সমূহক সক্ৰিয় কৰি আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পর্কৰ উন্নতি সাধন কৰিবলৈ সক্ষম হয়।ফলত থানা এলেকাত বহু সৰু সুৰা অপৰাধ আৰু অসামাজিক কাৰ্যকলাপ হ্ৰাস পায়।আনকি অশোক কুমাৰ দত্তৰ দিনতে মডেল থানা হিচাপে ঘোষিত আজাৰা থানাৰ ভৱনটো নতুনকৈ নিৰ্মাণ কৰা হয় আৰু বিগত বৰ্ষত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীৰ তদানীন্তন সঞ্চালক ড০ কুলধৰ শইকীয়াৰ উপস্থিতিত থানাৰ নতুন ভৱনটো উদ্বোধন কৰে।আনহাতে অশোক কুমাৰ দত্তই গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ ভাৰতীয় আৰক্ষী পদকৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ পৰা নাম ঘোষণা হোৱাৰ পাছত বিগত দিনত থানা এলেকাৰ নাগৰিক কমিটি,গাঁওৰক্ষী বাহিনী,তালুক কমিটি,বজাৰ কমিটি,ব্যৱসায়ী সন্থা,সাংবাদিক সন্থা,মহিলা সমিতিকে ধৰি বিভিন্ন দল সংগঠনে থানালৈ আহি পৰিদৰ্শক গৰাকীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে।
Trending
- জি-২০ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ বৈঠকৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সামৰণি
- মহানগৰীৰ সোণাইঘূলি, নৰকাসুৰ, লিচুবাগান আৰু গীতানগৰত জল ব’ৰ্ডৰ নিৰ্মিয়মাণ জল ভাণ্ডাৰ (Reservoir) পৰিদৰ্শন কৰিলে মন্ত্ৰী অশোক সিংহলে
- শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনামৰ প্ৰস্তুতি
- অসমৰ সংবাদ জগতত চাণক্যৰ আত্মপ্ৰকাশ
- ৰাজপথত পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ আৰম্ভ
- জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন
- ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা ‘তৃতীয় নিৱাস’ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- পলাশবাৰীৰ বৰকুছিত আৰক্ষী -প্ৰশাসন, সাংবাদিক, নিউজ পৰ্টেলৰ ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি
- গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে কামৰূপ জিলাৰ উপায়ুক্ত একাদশ আৰু মিডিয়া একাদশৰ মাজত অনুষ্ঠিত হ’ল প্ৰীতি ক্ৰিকেট খেল
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ