কৃষকৰ মত বিনিময় অনুষ্ঠান-আত্ম নিৰ্ভৰশীল অসম আঁচনি ৰূপায়নত গুৰুত্ব

0 290

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁৱস্থিত  বেচৰকাৰী সংস্থা পৰিৱৰ্তনৰ উদ্যোগত পাটগাৱত ১৭জুনৰ বিয়লি পাটগাৱ, জবে, ভি আই পি কে ধৰি বৃহত্তৰ অঞ্চলটোৰ একাংশ কৃষকৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। পৰিৱৰ্তনৰ যুটীয়া সম্পাদক অমূল্য কলিতাই সঞ্চালনা কৰা অনুষ্ঠানটোৰ আঁত ধৰে আন এগৰাকী যুটীয়া সম্পাদক চিত্তৰঞ্জন গয়াৰীয়ে।
 
 
অনুষ্ঠানটোত ভাগ লৈ আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী, উদ্যমী ব্যক্তি তথা বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সম্পাদক বলেশ্বৰ ৰংপীকে ধৰি কেবাজনে ভাষণ প্ৰসংগত পৰিৱৰ্তিত পৰিস্থিতিৰ সুযোগ লৈ কৃষক সকলক বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্ম কৰি উপস্থাপনৰ লগতে উপাৰ্জন বৃদ্ধি কৰি শেহতীয়াভাৱে ৰাজ্য চৰকাৰে আৰম্ভ কৰা আত্মনিৰ্ভৰশীল অসম আঁচনিখন সফলতাৰে যাতে ৰূপায়ন হয় তাত গুৰুত্ব দিবলৈ আহ্বান জনায়। আনহাতে কবিতা বড়ো ৰংপীয়ে এইক্ষেত্ৰত কৃষক সকলক পঞ্চায়তৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.