অসম কৃষি বিশ্ব বিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ কাহিকুছি চৌহদত যোৱা ১০ আৰু ১১ আগষ্টত বৈজ্ঞানিক ভিত্তিত বছৰ যোৰা মাশ্বৰুম কৰ্মশালা অনুষ্ঠিত হয়। কেন্দ্ৰৰ কৃষি বিজ্ঞানী ড° মধুস্মিতা কটকী শৰ্মাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা উক্ত কৰ্মশালা কামৰূপ জিলাৰ উচ্চ শিক্ষিত যুৱ প্ৰজন্মই অংশ গ্ৰহণ কৰে। বছৰি বিভিন্ন সময়ত বিভিন্ন জাত যেনে শীতকালীন আৰু গ্ৰীষ্মকালীন মাশ্বৰুম, মিল্কী মাশ্বৰুম, বাৰ্টন মাশ্বৰুম কৃষি পদ্ধতিৰ লগত বিপনন তথা অৰ্থনৈতিক লাভালাভ আদি বিষয় সমূহত গুৰুত্ব আৰোপ কৰা হয়। উদ্বোধনী অনুষ্ঠানত অসমকে ধৰি তিনিখন ৰাজ্যৰ কৃষি প্ৰযুক্তি ব্যৱহাৰিক গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড° এ.কে.ত্ৰিপাঠিয়ে প্ৰশিক্ষাৰ্থীসকলক মাশ্বৰুম খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ উদগনি মূলক ভাষণ প্ৰদান কৰে। লগতে কেন্দ্ৰৰ মুৰব্বী ড° ধীৰেন্দ্ৰ নাথ কলিতাই ব্যৱসায়িক ভিত্তিত মাশ্বৰুম খেতিৰ জৰিয়তে নিজকে স্বাৱলম্বী হোৱাৰ সন্দৰ্ভত বিস্তৃত বাখ্যা দাঙি ধৰে। অনুষ্ঠানত ড° মধুস্মিতা কটকী শৰ্মাই পৰিচালনা কৰা উক্ত কৰ্মশালাত শিক্ষিত যুৱক-যুৱতীসকলক স্বাৱলম্বিতাৰ দিশত নিশ্চিত ভাৱে এখোজ আগবঢ়াই নিয়াত সহায়ক হ`ব বুলি উল্লেখ কৰে।
Trending
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ