অসম কৃষি বিশ্ব বিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ কাহিকুছি চৌহদত যোৱা ১০ আৰু ১১ আগষ্টত বৈজ্ঞানিক ভিত্তিত বছৰ যোৰা মাশ্বৰুম কৰ্মশালা অনুষ্ঠিত হয়। কেন্দ্ৰৰ কৃষি বিজ্ঞানী ড° মধুস্মিতা কটকী শৰ্মাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা উক্ত কৰ্মশালা কামৰূপ জিলাৰ উচ্চ শিক্ষিত যুৱ প্ৰজন্মই অংশ গ্ৰহণ কৰে। বছৰি বিভিন্ন সময়ত বিভিন্ন জাত যেনে শীতকালীন আৰু গ্ৰীষ্মকালীন মাশ্বৰুম, মিল্কী মাশ্বৰুম, বাৰ্টন মাশ্বৰুম কৃষি পদ্ধতিৰ লগত বিপনন তথা অৰ্থনৈতিক লাভালাভ আদি বিষয় সমূহত গুৰুত্ব আৰোপ কৰা হয়। উদ্বোধনী অনুষ্ঠানত অসমকে ধৰি তিনিখন ৰাজ্যৰ কৃষি প্ৰযুক্তি ব্যৱহাৰিক গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড° এ.কে.ত্ৰিপাঠিয়ে প্ৰশিক্ষাৰ্থীসকলক মাশ্বৰুম খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ উদগনি মূলক ভাষণ প্ৰদান কৰে। লগতে কেন্দ্ৰৰ মুৰব্বী ড° ধীৰেন্দ্ৰ নাথ কলিতাই ব্যৱসায়িক ভিত্তিত মাশ্বৰুম খেতিৰ জৰিয়তে নিজকে স্বাৱলম্বী হোৱাৰ সন্দৰ্ভত বিস্তৃত বাখ্যা দাঙি ধৰে। অনুষ্ঠানত ড° মধুস্মিতা কটকী শৰ্মাই পৰিচালনা কৰা উক্ত কৰ্মশালাত শিক্ষিত যুৱক-যুৱতীসকলক স্বাৱলম্বিতাৰ দিশত নিশ্চিত ভাৱে এখোজ আগবঢ়াই নিয়াত সহায়ক হ`ব বুলি উল্লেখ কৰে।
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান