কেবিনেটৰ গুৰুত্ত্বপূৰ্ণ সিদ্ধান্ত

0 245

WhatsApp Image 2017-10-17 at 6.32.12 PM

আজি জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেটৰ বৈঠক। এই বৈঠকখনত গুৰুত্ত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কেবিনেটত অংশগ্ৰহণ কৰি কৰা সিদ্ধান্ত সমূহ সংবাদ মেলৰ যোগেদি সদৰী কৰে। সিদ্ধান্ত সমূহ হ’ল এনেধৰণৰ… গুৱাহাটীত ৩ আৰু ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব Global Investment সমাৰোহ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমাৰোহখন উদ্বোধন কৰিব।

দ্বিতীয়তে, তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখন আগুৱাই নিয়াৰ বাবে আমবাৰীত স্থাপন হ’ব Industrial Hub পলিচি। এই ক্ষেত্ৰত তেলেংগনা ৰাজ্যখনে সহযোগিতা আগবঢ়াব। BPO স্থাপনৰ এটা চিটৰ বাবদত ১ লাখ ২০ হাজাৰ টকা , Software Developer ১,৫০,০০০ টকাকৈ টকা একালীন ভাবে আগবঢ়াব।

তৃতীয়তে, পৰ্যটন ক্ষেত্ৰত নকৈ সংযোজন কৰিব। গল’ফ টুৰিজিম, আই টি পাৰ্ক স্থাপনকাৰীক কম সুদত ভূমি প্ৰদান কৰিব চৰকাৰে।

চতুৰ্থতে বায়টেক পলিচিত ৰেচম শিল্প উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। ১৬০ বৰ্গ কি. মি. জুৰি স্থাপন হ’ব ঔদ্যোগিক মণ্ডল।

পঞ্চমতে, কুঁহিয়াৰ খেতিক ব্যৱসায়িক ভিত্তিত ল’ব পৰাকে চেনিকলৰ উদ্যোগ স্থাপন কৰা হ’ব। কোঠাৰী গ্ৰুপ আৰু উত্তম চুগাৰে এই কামত সহযোগ কৰিব। উল্লেখযোগ্য যে ৩০ কি. মি. ব্যাসাৰ্ধত কৃষকক বীজ প্ৰদান কৰিব এই উদ্যোগ দুটাই।

ষষ্ঠতে, নেপালী সকলৰ ভাইটিকাক Restricted Holiday হিচাপে ঘোষণা কৰিছে। উন্নয়ন ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।

Leave A Reply

Your email address will not be published.