কলিয়াবৰ লোকসভা সমষ্টিৰপৰা আৰম্ভ কৰা অসম গণ পৰিষদৰ লোকসভা সমষ্টিভিত্তিক বিশেষ কৰ্মকৰ্তা সন্মিলন কাৰ্যসূচীৰ অন্তিম তথা ১৪সংখ্যক সন্মিলনখনত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ কৰ্মকৰ্তা সন্মিলনখন দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত কোকৰাঝাৰ চহৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয়। বৰাক, ব্ৰহ্মপুত্ৰ পাহাৰ-ভৈয়ামৰ প্ৰতিটো লোকসভা সমষ্টিৰ লগতে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত অগপৰ কৰ্মকৰ্তাসকলৰ উৎসাহ-উদ্দীপনাই আপ্লুত কৰিছে বুলি কৈ সভাপতি বৰাই কয় যে, অগপক আগন্তুক নিৰ্বাচনসমূহত দলৰ নিষ্ঠাৱান কৰ্মকৰ্তাসকলে শক্তিশালীভাৱে থিয় কৰোৱাৰ লগতে অগপক এক নতুন প্ৰাণ দিব। বৰাই লগতে কয় তৃণমূল পৰ্যায়ৰ নিষ্ঠাৱান কৰ্মকৰ্তাসকলৰ ত্যাগ, কষ্ট আৰু উদ্যমেই অগপৰ মূল চালিকাশক্তি। কোকৰাঝাৰত থকা অগপৰ এই অক্লান্ত সৈনিকসকলক কোকৰাঝাৰবাসীৰ মৰম আৰু আশীৰ্বাদক শিৰোধাৰ্য কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিত অগপৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত নিষ্ঠাৰে মনোনিৱেশ কৰি যাবলৈ সভাত সভাপতিগৰাকীয়ে আহ্বান জনায়। সভাৰ আৰম্ভণিতে মিত্ৰদল ইউ পি পি এলৰ বহুকেইগৰাকী কেন্দ্ৰীয় বিষয়ববীয়াই সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তক শুভেচ্ছা জনায়। সভাত উপস্থিত থাকি দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই বড়োলেণ্ড স্বায়ত্ত শাসিত অঞ্চলত শক্তিশালী ৰূপত উজ্জীৱিত হৈছে অসম গণ পৰিষদ আৰু জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৰে হৃদয় স্পৰ্শ কৰিছে অসম গণ পৰিষদে বুলি উল্লেখ কৰে। কাৰ্যকৰী সভাপতি মহন্তই দলৰ সভাপতি অতুল বৰাৰ বলিষ্ঠ নেতৃত্বত নতুন ধ্যান ধাৰণাৰে দল আগবাঢ়িছে বুলি মন্তব্য কৰে। বিশেষ কৰ্মকৰ্তা সন্মিলনত অগণন কৰ্মকৰ্তাৰ স্বতঃস্ফূৰ্ত সমৰ্থনে বড়োলেণ্ড স্বায়ত্ত শাসিত অঞ্চলত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে কৰ্মকৰ্তা সকলে পূৰ্ণোদ্যমেৰে আত্মনিয়োগ কৰি আহিছে বুলি কৈ মহন্তই মিত্ৰজোঁটৰ শক্তিশালী অংশীদাৰ হিচাপে বিটিআৰৰ সৰ্বাংগীণ কল্যাণৰ হকে সহযোগিতা আগবঢ়াই যাৱলৈ অসম গণ পৰিষদ সদায় দায়বদ্ধ বুলি কয় ৷ মহন্তই লগতে কয় যে, অসম গণ পৰিষদ শক্তিশালী হোৱা মানেই মিত্ৰজোঁট শক্তিশালী হোৱা ৷ এইবাৰ লোকসভা নিৰ্বাচনত বিটিআৰৰ নীলিম আকাশত মিত্ৰজোঁটৰ বিজয়ধ্বজা উৰুৱাৰ বাবে অসম গণ পৰিষদক অধিক প্ৰাণৱন্ত কৰিবলৈ কৰ্মকৰ্তা সকলক কাৰ্য্যকৰী সভাপতি গৰাকীয়ে আহ্বান জনায়। সন্মিলনৰ আদৰণি ভাষণ প্ৰদান কৰে দলৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে। সভাত দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়েও দলৰ সাংগঠনিক দিশ শক্তিশালী কৰা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰশান্ত কুমাৰ বৰুৱা, জ্যোতিষ দাস, তাৰা প্ৰসাদ দাস, দিলীপ পাটগিৰী, আক্ৰাম হুছেইন, সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা, সম্পাদকসকল, বিষয়ববীয়াসকল, অগপৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা সমিতি আৰু বিধান পৰিষদসমূহৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল, অগপৰ বিভিন্ন স্তৰৰ জ্যেষ্ঠ-কনিষ্ঠ নেতা আৰু বিষয়ববীয়াসকল, অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদ, অসম কৃষক পৰিষদ, অসম মহিলা পৰিষদ প্ৰমুখ্যে আন ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল আজিৰ সভাত উপস্থিত থাকে।
Trending
- এয়াৰটেল ইনছাইডাৰৰ জৰিয়তে গ্ৰাহকে লাভ কৰিব ৩০,০০০ টকাতকৈ অধিক মূল্যৰ বিশেষ সুবিধা
- ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত আন্তঃ সংবাদ মাধ্যম কুইজ প্ৰতিযোগিতা
- মুম্বাইৰ মজিয়াত জিলিকিল উত্তৰ-পূব- অসমৰ ড° যোগেশ দেউৰীলৈ নমস্তে জীৱনজোৰা সাধনা বঁটা
- আদিংগিৰি সেৱা ভাৰতীত মুকলি হকী প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- NSE Enhances Digital Experience for Investors and Trading Members with New Features Across Web and Mobile Platforms
- ভাৰত চৰকাৰৰ স্বচ্ছ সৰ্বেক্ষণ বঁটাৰে সন্মানিত গুৱাহাটী
- NSE Celebrates Diwali with Traditional Lakshmi Pujan and Muhurat Trading Ceremony
- মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১১খন জিলাত ড্ৰাই ডে ঘোষণা
- তুৰাত ৫০ সংখ্যক পৰম্পৰাগত ‘ৱাংগালা মহোৎসৱ
- NSE Electronic Gold Receipts (EGRs) Witnesses Record Trading Volumes on the occasion of Dhanteras