দীৰ্ঘদিনীয়া বড়ো সংগ্ৰামৰ পৰিণতিত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ সফলতা উদযাপন কৰিবলৈ অহা ৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত হ’বলগীয়া সভাৰ প্ৰস্তুতি সন্দৰ্ভত আজি প্ৰত্যক্ষভাৱে বুজ ল’লে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে।সভাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্রীয়ে নিৰ্মীয়মান মঞ্চৰ লগতে অতিথি অভ্যৰ্থনা আৰু সভাত অংশগ্রহণকাৰীসকলৰ সুবিধাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ তদাৰক কৰে।তাৰোপৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন চৰকাৰী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰাৰ বাবে এই সভাৰ আয়োজন কৰা হৈছে।এই মন্তব্য মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ।৭ ফেব্ৰুৱাৰীত এই সভাখন সফলতাৰে অনুষ্ঠিত কৰাৰ সম্পৰ্কত বিভিন্ন দিশৰ বিষয়ে মুখ্যমন্ত্রীয়ে সভাস্থলীতে অসম চৰকাৰৰ বিত্ত,স্বাস্থ্য,শিক্ষা আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা,বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী,ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী,অসম চৰকাৰৰ ৰাজ্যিক স্বতন্ত্র মন্ত্রী পীয়ুষ হাজৰিকা,আবছুৰ সভাপতি প্ৰমোদ বড়ো,মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান তথা অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া বৰ্গৰ সৈতে আলোচনা কৰে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা