দীৰ্ঘদিনীয়া বড়ো সংগ্ৰামৰ পৰিণতিত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ সফলতা উদযাপন কৰিবলৈ অহা ৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত হ’বলগীয়া সভাৰ প্ৰস্তুতি সন্দৰ্ভত আজি প্ৰত্যক্ষভাৱে বুজ ল’লে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে।সভাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্রীয়ে নিৰ্মীয়মান মঞ্চৰ লগতে অতিথি অভ্যৰ্থনা আৰু সভাত অংশগ্রহণকাৰীসকলৰ সুবিধাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ তদাৰক কৰে।তাৰোপৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন চৰকাৰী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰাৰ বাবে এই সভাৰ আয়োজন কৰা হৈছে।এই মন্তব্য মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ।৭ ফেব্ৰুৱাৰীত এই সভাখন সফলতাৰে অনুষ্ঠিত কৰাৰ সম্পৰ্কত বিভিন্ন দিশৰ বিষয়ে মুখ্যমন্ত্রীয়ে সভাস্থলীতে অসম চৰকাৰৰ বিত্ত,স্বাস্থ্য,শিক্ষা আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা,বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী,ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী,অসম চৰকাৰৰ ৰাজ্যিক স্বতন্ত্র মন্ত্রী পীয়ুষ হাজৰিকা,আবছুৰ সভাপতি প্ৰমোদ বড়ো,মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান তথা অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া বৰ্গৰ সৈতে আলোচনা কৰে।
Trending
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি