কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ গৌৰাংগ নদীৰ খহনীয়া ৰোধৰ কাম পৰ্যবেক্ষণ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 164

দুদিনীয়া ভ্ৰমণ সূচীৰে বি টি আৰলৈ অহা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দ্বিতীয় দিনাও কেইবাটাও স্থান ভ্ৰমণ কৰি জলসম্পদ বিভাগৰ অধীনত চলি থকা কামৰ বুজ লয় । প্ৰথমতে মন্ত্ৰী হাজৰীকাই বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় ভ্ৰমণ কৰি নিৰ্মীয়মান মহাবিদ্যালয়খনৰ কাষেৰে বৈ যোৱা গৌৰাংগ নদীৰ খহনীয়া ৰোধৰ বাবে বিভাগে ইতিমধ্যে সমাপ্ত কৰা কাম পৰ্যবেক্ষণ কৰে । এই বৰ্ষৰ ছেপ্তেম্বৰ মাহৰপৰা পাঠ্যক্ৰম আৰম্ভ হ’বলগা মহাবিদ্যালয়খনলৈ ভাবুকি সৃষ্টি কৰি গৌৰাংগ নদীয়ে খহনীয়াৰ সৃষ্টি কৰিছিল । প্ৰায় ডেৰ বছৰৰ আগতে আৰম্ভ হোৱা এই খহনীয়া ৰোধৰ বাবে মন্ত্ৰী পীযুষ হাজৰীকাৰ তৎপৰতাত স্থায়ী প্ৰতিৰোধৰ কাম আৰম্ভ হৈছিল । বিভাগৰ উদ্যোগত নদীখনৰ এটা কৃত্ৰিম সুঁতি সৃষ্টি কৰি দিয়াৰ ফলত মথাউৰিৰ পৰা নদীখন আঁতৰি যথেষ্টখিনি মাটি মুকলি হৈ পৰিছে।

কোকৰাঝাৰৰ পৰা মন্ত্ৰী হাজৰীকাই চিৰাং জিলাৰ দুৰ্গাপুৰত উপস্থিত হৈ আই নদীৰ পাৰত কেন্দ্ৰীয় চৰকাৰৰ বান ব্যৱস্থাপনা তথা সীমা ক্ষেত্ৰ কাৰ্যসূচী (এফ এম বি এ পি) আঁচনিৰ অধীনত আনুমানিক ১২৫.২১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা নতুন মথাউৰি নিৰ্মাণ আৰু পুৰণি মথাউৰিৰ সশক্তিকৰণ আঁচনিৰ শিলান্যাস কৰে । দুৰ্গাপুৰতে মন্ত্ৰী হাজৰীকাই স্থানীয় ৰাইজক উদ্দেশ্যি কয় যে ৰাজ্যখনক বানমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে গুৰুত্বসহকাৰে কাম কৰি আছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিগত দুটা বৰ্ষত বি টি আৰ অঞ্চলত বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে বছৰি প্ৰায় ১০০ কোটিকৈ টকা মুকলি কৰি আহিছে । এইবাৰো প্ৰায় ১০০ কোটি টকা অঞ্চলটোৰ চাৰিওখন জিলাৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

গুৱাহাটীলৈ ঘূৰাৰ পথত জলসম্পদ মন্ত্ৰীগৰাকীয়ে বৰপেটা আৰু বাক্সা জিলাত বেঁকী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগে গ্ৰহণ কৰি থকা আঁচনিৰ কাম পৰ্যবেক্ষণ কৰে।বেঁকী নদীৰ পাৰত প্ৰায় ১১৮ কোটি টকাৰ বিশ্ব বেংকৰ পুঁজিৰে মথাউৰি সৱলীকৰণ আৰু বান প্ৰতিৰোধ প্ৰকল্প হাতত লোৱা হৈছিল। মন্ত্ৰী হাজৰীকাই বৰপেটা জিলাৰ জিলাৰ কাটাঝাৰ অঞ্চলত উপস্থিত হৈ নিৰ্মাণ প্ৰতিৰোধ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় আৰু এই কামৰ কিছু অংশত দেখা দিয়া ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াৰ জটিলতা শীঘ্ৰে সমাধা কৰিবৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে।

পাছত মন্ত্ৰী হাজৰীকাই বাক্সা জিলাৰ অন্তৰ্গত শ্ৰীশ্ৰী শংকৰ মাধৱ গোৱৰ্দ্ধনা সত্ৰৰ কাষত বেঁকী নদীৰ খহনীয়া ৰোধৰ বাবে চলি থকা বিভাগীয় কাম পৰ্যবেক্ষণ কৰে । পৰিদৰ্শন কালত ঐতিহাসিক সত্ৰ খনক খহনীয়াৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ কৰি থকা স্থায়ী প্ৰতিৰোধ কামৰ গতি লেহেমীয়া হোৱা বুলি অনুভৱ কৰি মন্ত্ৰী হাজৰীকাই বিভাগীয় ঠিকাদাৰক অহা ১৫ এপ্ৰিলৰ আগে আগে যিকোনো পৰিস্থিতিতে কাম সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে।সত্ৰখনক খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ সম্ভৱপৰ সকলো কাম বিভাগে কৰি আছে বুলি স্থানীয় ৰাইজক আশ্বাস দি মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক প্ৰতি সাত দিনৰ মূৰে মূৰে খহনীয়া ৰোধৰ কামৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । এই দুয়োটা স্থানতে মন্ত্ৰীগৰাকীক বিভাগীয় বিষয়া অভিযন্তাৰ লগতে বিধায়ক মনোৰঞ্জন তালুকদাৰে সংগ দিয়ে।

Leave A Reply

Your email address will not be published.