কৌন বনেগা লাখপতি অফাৰ দিছে সূৰ্য চিমেন্টে

0 244

ক’ৰণা মহামাৰীৰ সংহাৰৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ এক পছন্দৰ ব্ৰেণ্ড আৰু আগশাৰীৰ নিৰ্মাণ সামগ্ৰী উদ্যোগ “সূৰ্য চিমেণ্টে” এক বিশেষ অফাৰৰ ঘোষণা কৰিছে। তেওঁলোকৰ সামগ্ৰী ক্ৰয় কৰি গ্ৰাহকে লাখপাতি হোৱাৰ এক সুবৰ্ণ সুযোগ প্ৰদান কৰিছে। এই সময়ছোৱাত আনন্দ বৃদ্ধি কৰাৰ বাবে সূৰ্য চিমেণ্টে ‘কৌন বনেগা লাখপতি’ নামেৰে এক বিশেষ অফাৰৰ ঘোষণা কৰিছে। যাৰ অধীনত গ্ৰাহকে সূৰ্য চিমেণ্টৰ পৰা ৫ টকাৰ পৰা আৰম্ভ কৰি ৫ লাখ টকাৰ নিশ্চিত উপহাৰ জিকাৰ সুবৰ্ণ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব।
জানিব পৰা মতে, সূৰ্য গোল্ড চিমেণ্টৰ গ্ৰাহক নগাঁৱৰ আদিল সৰকাৰে কৌন বনেগা লাখপতি প্ৰচাৰ আঁচনিৰ অধীনত ১ লাখ টকা লাভ কৰিছে। তেওঁৱে সূৰ্য চিমেন্টৰ তৰফৰ পৰা ১ লাখ টকা লাভ কৰা প্ৰথমজন ব্যক্তি। চাৰি মাহৰ এক দীঘলীয়া সময়ৰ বাবে এই প্ৰচাৰ আচঁনিখন উপলব্ধ ‌হ’ব। অফাৰ চলি থকা সময়ছোৱাত সূৰ্য গোল্ড চিমেণ্ট আৰু সূৰ্য কংক্ৰিটকৰ প্ৰতিটো বেগত এখন কুপন থাকিব। গেৰাণ্টিযুক্ত মূল্যৰ প্ৰতিটো বেগত থকা কুপনৰ ধন গ্ৰাহকে কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ/বিক্ৰী বিপনীৰ পৰা গ্ৰহণ কৰিব পাৰিব। এই অফাৰৰ সুযোগ গ্ৰহণ কৰিবলৈ গ্ৰাহকে অফাৰ ম্যাদৰ ভিতৰত ইয়াৰ কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ/আউটলেটৰ পৰা সূৰ্য চিমেণ্ট সামগ্ৰী ক্ৰয় কৰিব লাগিব।
কৌন বনেগা লাখপতি অফাৰৰ বিষয়ে পূৰ্বাঞ্চল চিমেণ্ট লিমিটেডৰ এম.ডি মধুৰ আগৰৱালাই কয়- ” সূৰ্য চিমেন্টৰ ওপৰত নিৰন্তৰ বিশ্বাস বৰ্তাই ৰখাৰ বাবে মই আমাৰ গ্ৰাহকসকলক ধন্যবাদ জনাব লাগিব।ইয়াৰ বাবে কৌন বনেগা লাখপতি সূৰ্য চিমেণ্টৰ তৰফৰ পৰা গ্ৰাহকলৈ আগবঢ়োৱা ধন্যবাদৰ এক প্ৰতীক।”

Leave A Reply

Your email address will not be published.