ক্লথ লুকৰ অনুষ্ঠান সম্পন্ন

0 240

হাইদাৰবাদস্থিত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফেশ্বন আলোচনী ক্লথ লুক ফেশ্বনৰ উদ্যোগত ২৭ জানুৱাৰীত যোৰহাটৰ জীৰণি হোটেলত ফেশ্বন জগতৰ প্ৰতি আকৃষ্ট অসমৰ চুকে কোণে সোমাই থকা  প্ৰতিভাৱান ফেশ্বন ডিজাইনাৰ আৰু মডেল সকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে এটা ফটো শ্বুট অনুষ্ঠিত হয়। এই ফটো শ্বুটত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩৫ গৰাকী শিশু, যুৱক যুৱতী আৰু মহিলাই অংশগ্ৰহণ কৰে। ফটোশ্বুটত উদীয়মান ফটোগ্ৰাফাৰ দিপাংকৰ বৰুৱা আৰু অমৰীশ দাস, মেকআপ আৰ্টিষ্ট  মৌচুমী গগৈ আৰু শিখালীম দত্তই সহযোগিতা আগবঢ়ায়।এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত  বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হেণ্ডলোম এণ্ড টেক্সটাইল বিভাগৰ যোৰহাট মণ্ডলৰ ইন্সপেক্টৰ জাকিৰ  হুছেইন, বিশিষ্ট সমাজ সেৱিকা তথা তম্মনা ফাউনণ্ডেচনৰ মেনেজিং ডাইৰেক্টৰ চজবিন হাজৰিকা আৰু হোটেল  জীৰণিৰ  স্বত্বাধিকাৰী ৰাজেন দত্ত। উপস্থিত বিশিষ্ট অতিথি সকলে ক্লথ লুক ফেশ্বন আলোচনীখনৰ প্ৰচেষ্টাৰ শলাগ লয়। আনহাতে এই ফটো শ্বুটত অংশগ্ৰহণ কৰা মডেল সকলৰ ফটো ক্লথ লুক ফেশ্বন আলোচনীখনত প্ৰকাশ পাব বুলি  আলোচনীখনৰ উত্তৰ পূৰ্বাঞ্চলৰ মাকেটিং হেড বনস্মিতা সন্দিকৈয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে মৰিয়নীৰ বোৱাৰী তথা প্ৰাগজ্যোতিকা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যাপিকা বনস্মিতা সন্দিকৈয়ে মিছেচ ইণ্ডিয়া ইউনিভাৰ্চ, মিছেচ দিভা অৱ ইণ্ডিয়া ইউনিভাৰ্চ খিতাপ অৰ্জন কৰা পিছত শেষতীয়াকৈ ক্লথ লুক ফেশ্বন মেগাজিনৰ লগত জড়িত হৈ অসমৰ ফেশ্বন জগতত সক্ৰিয়তাৰে কাম কৰি আছে। খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে।

Leave A Reply

Your email address will not be published.