কৰ্মশালা অনুষ্ঠিত

0 203

পৰিবহন আইন ২০১৯ৰ নতুন নিয়মসমূহ ৰাজ্যত শীঘ্ৰে কাৰ্যকৰী কৰি পথ সুৰক্ষাৰ দিশটো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যেৰে কনজিউমাৰ লীগেল প্ৰটেকশ্যন ফ’ৰাম, অসম আৰু কনজিউমাৰ ভয়েছ, নতুন দিল্লীৰ উদ্যোগত শুকুৰবাৰে এখন কৰ্মশালা অনুষ্ঠিত হয়। গুৱাহাটীৰ হোটেল আৰিয়ান আতিথ্যত অনুষ্ঠিত এই ৰাজ্যিক ভিত্তিৰ কৰ্মশালাত উপস্থিত থাকি গুৱাহাটী আৰক্ষীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই কয় যে ত্ৰিশ বছৰীয়া পুৰণি পৰিবহন আইন, ২০১৯ৰ নতুন সংশোধিত ধাৰা সমূহে পথ দুৰ্ঘটনা ৰোধত আৰক্ষীক প্ৰভূত সহায় কৰিব। যান বাহন আইন ভংগ কৰা সকলক বৰ্দ্ধিত হাৰত জৰিমনা বিহাৰ ৮৯টা ব্যৱস্থা অন্তৰ্ভূক্ত কৰা হৈছে এই নতুন আইনখনত। কৰ্মশালাত উপস্থিত থাকি কামৰূপ (গ্ৰাম্য) জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে কয় যে বিগত ছয় মাহত অসমত ২,৩৫৯ টা দুৰ্ঘটনা সংঘটিত হৈছে য’ত ১,৯৮০ গৰাকী লোক আহত আৰু ৯২৮ গৰাকী লোক নিহত হয়। দ্ৰুতবেগত যান বাহন চলোৱা ট্ৰেফিক আইন ভংগ, হেলমেট আৰু চিট বেল্ট ব্যৱহাৰ নকৰা, সুৰাশক্ত অৱস্থাৰে যান বাহন চলোৱা আদিয়ে দুৰ্ঘটনাৰ মূল কাৰণ। কনজিউমাৰ ভয়েছৰ মূখ্য কাৰ্যবাহী বিষয়া অসীম সান্যালে কৰ্মশালাত নিজৰ ভাষণ প্ৰসঙ্গত প্ৰতিগৰাকী লোকৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত পৰিবহন আইন ২০১৯ত সংযোজিত প্ৰতিটো ধাৰা কঠোৰভাৱে ৰূপায়ণ কৰাৰ লগতে এই বিষয়ে ব্যাপক হাৰত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতত প্ৰতিবছৰে আধা মিলিয়ন পথ দুৰ্ঘটনা সংঘটিত হয় য’ত ডেৰ লাখৰো অধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। কনজিউমাৰ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই কৰ্মশালাত উপস্থিত থাকি কয় যে বিগত সময়ছোৱাত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা ৫০%ৰো অধিক লোকৰ বয়স ১৪ৰ পৰা ৩৫ বছৰৰ ভিতৰত। ২০১৮ বৰ্ষত দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত সংঘটিত দুৰ্ঘটনা ৰ ফলত ৫৪,০৪৬ গৰাকী লোকে জীৱন হেৰুৱাবলগীয়া হয়। কৰ্মশালা ত সমল ব্যক্তি হিচাপে উপস্থিত থাকি কামৰূপ জিলাৰ দুই পৰিবহন বিষয়া জয়সিং ৰংফাৰ, বিক্ৰম গগৈ আৰু কনজিউমাৰ ভয়েছৰ মূখ্য প্ৰকল্প বিষয়া ৰিংকি শৰ্মাই পৰিবহন আইন, ২০১৯ ৰ নতুন সংশোধিত ধাৰা সমূহ অসমত বলবৎ কৰি অসমত কিদৰে পথ দুৰ্ঘটনাৰ পৰা ৰাইজৰ জীৱন ৰক্ষা কৰিব পাৰি সেই বিষয়ে বিস্তৃত পৰ্যালোচনা আগবঢ়ায়। কৰ্মশালাত পৰিবহন আৰু যান বাহন আৰক্ষী বিষয়া, ছাত্ৰ ছাত্ৰী, স্বেচ্ছাসেৱী সংগঠন, সংবাদকৰ্মী আৰু পথ সুৰক্ষাৰ সৈতে জড়িত লোক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.