কামৰূপ একাডেমী প্ৰাক্তন ছাত্র সন্মিলনে অহা ১১জুলাইৰ পৰা ১৪ জুলাই ২০২৩ লৈকে কামৰূপ একাডেমী উ:মা: বিদ্যালয়ৰ উদ্যোগত বিহু নাচ,লঘূ শাস্ত্ৰীয় নৃত্যকলা আৰু উচ্চাৰণ আৰু কথন শৈলীৰ কৰ্মশালাৰ আয়োজন কৰিছে।এই কৰ্মশালা কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পূৱা ১০-৩০বজাৰ পৰা দিনৰ ১-০০বজালৈ অনুষ্ঠিত হব। কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কাবেৰী বৰা আৰু কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্র সন্মিলনৰ সভাপতি বলেন্দ্ৰ ভৰালী আৰু সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকে এক যুটীয়া বিবৃতিযোগে জনাই যে -এই কৰ্মশালাত সপ্তম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্র -ছাত্রীয়ে অংশ গ্ৰহণ কৰিব পাৰিব। কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশ গ্রহন কৰিব বিহু বিশেষজ্ঞ অৰুণ জ্যোতি শইকীয়া, নৃত্য বিশাৰদ আয়োশী শৰ্মা আৰু কৃতী শিক্ষয়ত্ৰীৰ বটাঁ প্ৰাপক প্ৰণীতা শৰ্মা বৰদলৈয়ে।কৰ্মশালাত অংশ গ্রহণ কৰিবলৈ বিচৰা ইচ্ছুক ছাত্র-ছাত্ৰী সকলক বিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয় অথবা বিৰাজ শৰ্মাক ৮৬৩৮৯০৫৯৮৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ