খবৰৰ সমাহাৰে

0 245

ফেশ্বন জগতলৈ সুখবৰ কঢ়িয়াই আনিছে গুৱাহাটীৰ পায়েল অ’চান গোস্বামীয়ে। ২৯ মে’ত দিল্লীৰ গুৰগাঁৱত অনুষ্ঠিত হোৱা I am ME শীৰ্ষক ফেশ্বন শ্ব’ প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক খিতাপ আঁজুৰি আনিবলৈ সক্ষম হৈছে।ইতিপূৰ্বে মিছেছ্ ষ্টাইলিছ্ আৰু মিছেছ্ কেটৱাৰ খিতাপ লাভ কৰা পায়েল অ’চান গোস্বামী পেছাত এগৰাকী ডিজাইনাৰ। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত বিভিন্ন দেশৰ ৬০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। আনহাতে এই প্ৰতিযোগিতাৰ আহ্বায়ক আছিল দিল্লীৰ নাজ যোশী।

ইফালে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ‘চেভ ৰাইনো’ শীৰ্ষক মূলমন্ত্ৰৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন তৈল চিত্ৰ প্ৰদৰ্শন কৰে শিৰোমণি দলেয়ে। নাকেৰে ১ ঘণ্টা ৩০ মিনিটত এখন তৈল চিত্ৰ আঁকি সকলোকে চমক দিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে শিৰোমণিয়ে ইতিপূৰ্বে দিল্লী, কলিকতা আদিত নাকেৰে চিত্ৰ আঁকি প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। শিৰোমণিৰ এই কামত অসম বৃদ্ধি সংগঠনে সহযোগ কৰিছে।

আনহাতে লখিমপুৰৰ চাউলধোৱা অঞ্চলৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শ্যামলীয়ে এক কাৰ্য্যসূচী ৰূপায়ন কৰে।উল্লেখযোগ্য যে বধাকৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী শ্যামলীয়ে অঞ্চলটোত বৃক্ষ ৰোপনৰ কাৰ্য্যসূচী ৰূপায়ন কৰিছে। এই কাৰ্যসূচীত উপস্থিত থাকে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য শিশুৰাম শইকীয়া, ৰমা ফুকন, প্ৰফুল্ল দত্তকে ধৰি বহু কেইজন গণ্য মান্য ব্যক্তিয়ে।

লখিমপুৰৰ ফটোৰ উৎস কুশল শইকীয়া

Leave A Reply

Your email address will not be published.