মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি “ৰাম বিজয়” অংকীয়া নাটখন সমগ্ৰ ৰাজ্য কিম্বা দেশৰ ভিন্ন স্থানৰ লগতে বিদেশতো পৰিবেশন হৈ আহিছে যদিও শেহতীয়া ভাবে মহাপুৰুষ জনাৰ “ৰাম বিজয়” অংকীয়া নাটখন এক ব্যতিক্ৰমী ৰূপত প্ৰদৰ্শিত হয় গুৱাহাটী মহানগৰীৰ খানামুখ ৰাইজৰ উদ্যোগত অনুষ্ঠিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ মঞ্চত । উল্লেখনীয় যে মহানগৰীৰ খানামুখ ৰাইজ গয়ৰহৰ উদ্যোগত আয়োজিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সৈতে সংগতি ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “ৰাম বিজয়” অঙ্কীয়া নাটখন পৰিবেশন কৰে দক্ষিণ কামৰূপৰ বকোৰ ঐতিহাসিক ছমৰীয়া সত্ৰৰ এটা শিল্পী গোষ্ঠীয়ে । নাটখন মঞ্চস্থ কৰাৰ ব্যতিক্ৰম এই কাৰণেই যে অংকীয়া নাটখন মঞ্চস্থ কৰা আটাইয়েই আছিল মহিলা শিল্পী । তাৎপৰ্যপূৰ্ণ এই যে মহিলাৰ দ্বাৰা সম্পূৰ্ণ অভিনীত অংকীয়া নাট নামনি অসমত এয়াই প্রথম।অংকীয়া নাটখনৰ পৰিচালনা ৰাতুল ভৰালী , কৰ্ণ মহন্ত , কমল ভৰালী আৰু লক্ষ্মীনাথ বায়নৰ। সূত্ৰধাৰ দিবাকৰ কলিতা । সংগীত ব্যৱস্থাপনা আছিল ৰাজীৱ দাস আৰু যুথিকা কলিতাৰ । উল্লেখ্য যে “ৰাম বিজয়” অংকীয়া নাটখন মঞ্চস্থ কৰা মহিলা শিল্পী সকল আছিল ক্ৰমে ময়ূৰাক্ষী ভৰালী ,জুমি দাইনাপালি , চুমি দাইনাপালি, দীপান্বিতা কলিতা, ছিয়াস্মিতা কলিতা, বৰষা দাস , বিষ্ণুপ্ৰিয়া বৈশ্য আৰু মূৰ্ছনা মহন্তৰ লগতে আন কেবাগৰাকী মহিলা শিল্পী । লক্ষণীয় যে মহিলা শিল্পী সকলে মঞ্চস্থ কৰা “ৰাম বিজয়” অংকীয়া নাটখন উপভোগ কৰি দৰ্শক-ৰাইজ আপ্লুত হৈ পৰে।
Trending
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে