মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি “ৰাম বিজয়” অংকীয়া নাটখন সমগ্ৰ ৰাজ্য কিম্বা দেশৰ ভিন্ন স্থানৰ লগতে বিদেশতো পৰিবেশন হৈ আহিছে যদিও শেহতীয়া ভাবে মহাপুৰুষ জনাৰ “ৰাম বিজয়” অংকীয়া নাটখন এক ব্যতিক্ৰমী ৰূপত প্ৰদৰ্শিত হয় গুৱাহাটী মহানগৰীৰ খানামুখ ৰাইজৰ উদ্যোগত অনুষ্ঠিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ মঞ্চত । উল্লেখনীয় যে মহানগৰীৰ খানামুখ ৰাইজ গয়ৰহৰ উদ্যোগত আয়োজিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সৈতে সংগতি ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “ৰাম বিজয়” অঙ্কীয়া নাটখন পৰিবেশন কৰে দক্ষিণ কামৰূপৰ বকোৰ ঐতিহাসিক ছমৰীয়া সত্ৰৰ এটা শিল্পী গোষ্ঠীয়ে । নাটখন মঞ্চস্থ কৰাৰ ব্যতিক্ৰম এই কাৰণেই যে অংকীয়া নাটখন মঞ্চস্থ কৰা আটাইয়েই আছিল মহিলা শিল্পী । তাৎপৰ্যপূৰ্ণ এই যে মহিলাৰ দ্বাৰা সম্পূৰ্ণ অভিনীত অংকীয়া নাট নামনি অসমত এয়াই প্রথম।অংকীয়া নাটখনৰ পৰিচালনা ৰাতুল ভৰালী , কৰ্ণ মহন্ত , কমল ভৰালী আৰু লক্ষ্মীনাথ বায়নৰ। সূত্ৰধাৰ দিবাকৰ কলিতা । সংগীত ব্যৱস্থাপনা আছিল ৰাজীৱ দাস আৰু যুথিকা কলিতাৰ । উল্লেখ্য যে “ৰাম বিজয়” অংকীয়া নাটখন মঞ্চস্থ কৰা মহিলা শিল্পী সকল আছিল ক্ৰমে ময়ূৰাক্ষী ভৰালী ,জুমি দাইনাপালি , চুমি দাইনাপালি, দীপান্বিতা কলিতা, ছিয়াস্মিতা কলিতা, বৰষা দাস , বিষ্ণুপ্ৰিয়া বৈশ্য আৰু মূৰ্ছনা মহন্তৰ লগতে আন কেবাগৰাকী মহিলা শিল্পী । লক্ষণীয় যে মহিলা শিল্পী সকলে মঞ্চস্থ কৰা “ৰাম বিজয়” অংকীয়া নাটখন উপভোগ কৰি দৰ্শক-ৰাইজ আপ্লুত হৈ পৰে।
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়