গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ পশ্চিম জালুকবাৰীৰ খানামুখৰ শতবর্ষ গৰকা খানামুখ ৰাজহুৱা নামঘৰত বিগত বছৰ সমূহৰ দৰে এইবেলিও পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে ১৬ ফেব্ৰুৱাৰীত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক হোমাহুতি সম্পন্ন হৈ যায়। পুৱা ৮ বজাত প্ৰভাত ফেৰীৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত ৮.৩০ বজাত ধৰ্মধজ্জা উত্তোলন কৰে খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা কমিটিৰ সভাপতি যাদৱ চন্দ্ৰ কলিতাই। তাৰ পাছত বাৰে ৰহনীয়া সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যসূচীৰে অঞ্চলটোত ভাগৱত লৈ এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। তেনেদৰে পুৱা ১০ বজাৰ পৰা নামঘৰ প্ৰাংগণত শ্ৰী শ্ৰীমহাবিষ্ণু পূজা আৰম্ভ কৰাৰ পাছত বিয়লি ২ বজাত শ্ৰী শ্ৰীমহাবিষ্ণুৰ হোমাহুতি সম্পন্ন হয়। আনহাতে হোমাহুতিৰ কাৰ্যসূচীত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ ভূপেন ঠাকুৰীয়া , উদ্যোগী ব্যক্তি নন্দ কিশোৰ মহেশ্বৰী আৰু শেঠ গোবিন্দ ৰাম , মহকুমা কৃষি বিষয়া শৈলেন শইকীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে সন্ধিয়া বন্তি প্ৰজ্বলনৰে বাৰ্ষিক হোমাহুতিৰ সামৰণি মৰা হয়।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে