১৯৬৬ চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া খেলুৱৈ।ভাৰতীয় সেনাৰ জোৱান হিচাপে ৮০০ মিটাৰ দৌৰত ভাগ লৈ সোণৰ পদক লাভ কৰা অৰ্জুন ভোগেশ্বৰ বৰুৱা কেনে আছে?৭৯ বৰ্ষীয় এইজন ক্ৰীড়াবিদ বৰ্তমান আছে শিৱসাগৰৰ নিজ বাসগৃহত।আঠুৰ সমস্যাজনিত ৰোগৰ বাবে চিকিৎসা গ্ৰহণ কৰি আছে প্ৰাক্তন খেলুৱৈগৰাকীয়ে।এন ই ফ’কাচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত খেলো ইণ্ডিয়া সম্পর্কে অৰ্জুন ভোগেশ্বৰ বৰুৱাই কয় খেলো ইণ্ডিয়াক লৈ মোৰ খুবেই আনন্দ লাগিছে। প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়াত অসমৰ ল’ৰা-ছোৱালীয়ে খেলিবলৈ পাব,ইয়াতকৈ আৰু সুখবৰ কি হ’ব পাৰে!আমি আন্দোলন কৰিছিলো খেলক লৈ, প্ৰাক্তন খেলুৱৈসকলকো অনুৰোধ কৰিছিলো,মই খেল নেখেলাতো পক্ষপাতী নহও!খেলো ইণ্ডিয়াত ভাগ ল’বলগীয়া প্ৰতিজন খেলুৱৈক মোৰ শুভেচ্ছা যাঁচিলো।খেলুৱৈসকলকে নিজৰ প্ৰদৰ্শনেৰে অসমৰ নাম উজলাবলৈ সক্ষম হ’ব।
Trending
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ