১৯৬৬ চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া খেলুৱৈ।ভাৰতীয় সেনাৰ জোৱান হিচাপে ৮০০ মিটাৰ দৌৰত ভাগ লৈ সোণৰ পদক লাভ কৰা অৰ্জুন ভোগেশ্বৰ বৰুৱা কেনে আছে?৭৯ বৰ্ষীয় এইজন ক্ৰীড়াবিদ বৰ্তমান আছে শিৱসাগৰৰ নিজ বাসগৃহত।আঠুৰ সমস্যাজনিত ৰোগৰ বাবে চিকিৎসা গ্ৰহণ কৰি আছে প্ৰাক্তন খেলুৱৈগৰাকীয়ে।এন ই ফ’কাচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত খেলো ইণ্ডিয়া সম্পর্কে অৰ্জুন ভোগেশ্বৰ বৰুৱাই কয় খেলো ইণ্ডিয়াক লৈ মোৰ খুবেই আনন্দ লাগিছে। প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়াত অসমৰ ল’ৰা-ছোৱালীয়ে খেলিবলৈ পাব,ইয়াতকৈ আৰু সুখবৰ কি হ’ব পাৰে!আমি আন্দোলন কৰিছিলো খেলক লৈ, প্ৰাক্তন খেলুৱৈসকলকো অনুৰোধ কৰিছিলো,মই খেল নেখেলাতো পক্ষপাতী নহও!খেলো ইণ্ডিয়াত ভাগ ল’বলগীয়া প্ৰতিজন খেলুৱৈক মোৰ শুভেচ্ছা যাঁচিলো।খেলুৱৈসকলকে নিজৰ প্ৰদৰ্শনেৰে অসমৰ নাম উজলাবলৈ সক্ষম হ’ব।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে