শেহতীয়াকৈ খেলৰত্ন বঁটাক ‘মেজৰ ধ্যান চান্দ খেলৰত্ন’ বঁটা নামেৰে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰাজীৱ গান্ধীৰ পৰিৱৰ্তে মেজৰ ধ্যানচান্দৰ নামেৰে প্ৰদান কৰা হ’ব দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘খেলৰত্ন বটাঁ’। শুক্ৰবাৰে এই কথা ঘোষণা কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটযোগে মোডীয়ে উল্লেখ কৰে যে, ‘ক্ৰীড়াক্ষেত্ৰই সমগ্ৰ দেশক গৌৰাৱান্বিত কৰাৰ সময়তে দেশবাসীয়ে খেলৰত্ন বঁটাক মেজৰ ধ্যানচান্দৰ নামত সমৰ্পিত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। দেশবাসীৰ ইচ্ছাক সন্মান জনাই ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক ‘মেজৰ ধ্যান চান্দ খেলৰত্ন’ বঁটা নামেৰে নামাকৰণ কৰা হ’ল’।উল্লেখ্য যে মেজৰ ধ্যান চান্দ আছিল হকীৰ যাদুকৰ। ১৯৯১-৯২ চনৰ পৰাই দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘খেলৰত্ন বটাঁ’ প্ৰদান কৰি অহা হৈছে। এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল দবাখেলুৱৈ বিশ্বনাথন আনন্দ। ইয়াৰ পৰৱৰ্তী সময়ত লিয়েণ্ডাৰ পেজ, শচীন টেণ্ডুলকাৰ, ধনৰাজ পিল্লাই, অভিনৱ বিন্দ্ৰা, অঞ্জু ববি জৰ্জ, মেৰী কম আৰু ৰাণী ৰামপাল আদিয়ে এই বঁটা লাভ কৰে।
Trending
- চৰাইদেউত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- Meghalaya CM Conrad K Sangma unveils a suite of progressive welfare schemes for the People of Meghalaya
- কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পাঠদানৰ সময় সালসলনি
- ঢকুৱাখনা জলসম্পদ সংমণ্ডলত একেদিনাই ২৬ কৰ্মচাৰীৰ যোগদান
- দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ ‘লাচিত–দ্য ৱাৰিয়ৰ’
- জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি প্ৰাপ্তৰ সৈতে বিভাগীয় মন্ত্রীৰ মত বিনিময়
- গুৱাহাটী আৰু শিলচৰৰ মাজত আজিৰে পৰা ফ্লাইবিগৰ বিমান সেৱা আৰম্ভ
- ডিজাইনাৰ সংযুক্তা দত্তই কান চলচিত্ৰ মহোৎসৱলৈ লৈ গ’ল অসম ৰেচম
- বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন- শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবী দুই শতাধিক চাইকেলিষ্টৰ
- হাৰ্দিক শৰ্মালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বৃত্তি প্ৰদান